ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ কাৰণে মনোনীত

Rohit Sharma

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম ক্ৰিকেটাৰ ৰোহিত শৰ্মাক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ কাৰণে মনোনীত কৰা হৈছে । ইয়াৰ উপৰিও মহিলা ৰেশ্বলাৰ বিনেশ ফ’গাট, টেবুল টেনিছৰ মনিকা বত্ৰা আৰু ২০১৬ ৰ পেৰালম্পিকত সোণৰ পদক বিজয়ী মৰিয়প্পন থাংগাবেলুকো ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ কাৰণে মনোনীত কৰা হয় ।

আনহাতে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ পূৰ্বে শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীয়ে এই বঁটা লাভ কৰিছিল ৷ ইফালে বিগত বৰ্ষত ক্ৰীড়া ৰত্ন পুৰস্কাৰ চাৰিগৰাকীকৈ খৈলুৱৈক দিয়া হৈছিল । তাৰ ভিতৰত আছিল বেটমিন্টন খেলুৱৈ পি ভি সিন্ধু, জিমনাষ্ট দীপা কৰ্মকাৰ, সাক্ষী মালিক আৰু জীতু ৰায় ৷ ২০০৯ত মেৰী কম, বিজেন্দ্ৰ সিং আৰু সুশীল কুমাৰক দিয়া হৈছিল খেল ৰত্ন পুৰস্কাৰ ৷

আনহাতে কৰ’না কাৰণে ক্ৰীড়া মন্ত্ৰণালয়ে অনলাইনৰ জৰিয়তে আবেদন বিচাৰিছিল । এই বৰ্ষত ৰাজীৰ গান্ধী খেল ৰত্ন বঁটাৰ কাৰণে ৪২ খন আবেদন আহিছিল । অৰ্জুন বঁটাৰ কাৰণে ২১৫ জন খেলুৱৈৰ নাম দিয়া হৈছিল ।এই বৰ্ষৰ অৰ্জুন বঁটা আৰু খেল ৰত্ন বঁটাৰ কাৰণে ২০১৬ ৰ ডিচেম্বৰৰ পৰা ২০১৯ লৈকে প্ৰদৰ্শন কৰা ক্ৰীড়া নিৰীক্ষণ কৰা হ’ব ৷ বিচিচিআইয়ে অৰ্জুন বঁটাৰ কাৰণে ইশান্ত শৰ্মা আৰু শিখৰ ধাৱানৰ নাম মনোনীত কৰে । মহিলাৰ ক্ষেত্ৰত বৰ্ডে অলৰাউণ্ডাৰ দীপ্তি শৰ্মাৰ নাম মনোনীত কৰিছে ৷

ইপিনে ক্ৰীড়া মন্ত্ৰণালয়ে নাম মনোনীত কৰাসকলৰ পৰা বিজয়ীসকলক নিৰ্বাচন কৰিবৰ বাবে এখন কমিটী গঠন কৰিছে । এই কমিটিত আছে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ, প্ৰাক্তন হকী খেলুৱৈ চৰদাৰ সিং, ৰজত পদক বিজয়ী দীপা মালিক, প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা, বক্সাৰ দেৱৰাজনৰ ওপৰিও সংবাদকৰ্মী আলোক সিন্হা আৰু নীৰু ভাটিয়া ।

উল্লেখযোগ্য যে প্ৰত্যেক বছৰৰ ২৯ আগষ্টত হকী খেলুৱৈ মেজৰ ধ্যান চন্দ্ৰৰ জয়ন্তীত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় । সেই দিনটোতেই ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজীৱ গান্ধী ক্ৰীড়া ৰত্ন, অৰ্জন বঁটা , দ্ৰোৰ্ণাচাৰ্য বঁটা আৰু ধ্যান চন্দ্ৰ পুৰস্কাৰ দিয়া হয় । অৱশ্যে এইবাৰ কৰ’না মহামাৰীৰ কাৰণে এই অনুষ্ঠান অনুষ্ঠিত নহয় । এক বিশেষ সূত্ৰৰ মত অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে সকলো বিজয়ীক সন্মানিত কৰিব ।

Exit mobile version