কৰ্কট ৰোগত আক্ৰান্তৰ শীৰ্ষত ভাৰতঃ কিন্তু কিয় ?

cancer

সমগ্ৰ দেশত প্ৰতিদিনে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু নেশ্যনেল চেন্টাৰ ফৰ ডিজিজ ইনফ’ৰমেটিক্স এণ্ড ৰিচাৰ্ছে যুটীয়াভাৱে কৰা গৱেষণাৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ১২শতাংলৈ বৃদ্ধি পাইছে ৷

ইফালে ভাৰতত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ সন্দৰ্ভত হিন্দুজা হস্পিতালৰ চিকিৎসক ড° সুৰেশ আডৱানীয়ে কয় “মই অলপো আচৰিত নহয় ৷ এইয়া আমি বছৰে বছৰে প্ৰত্যক্ষ কৰি আহিছো যদিও কৰ্কট ৰোগ হ্ৰাস কৰিবৰ কাৰণে একো কৰিব পৰা নাই । কৰ্কট ৰোগৰ ২৭ শতাংশ হয় ধপাত জাতীয় মাদক দ্ৰব্য ব্যৱহাৰৰ কাৰণে ৷

ইফালে নেশ্যনেল কেন্সাৰ ৰেজিষ্টাৰ প্ৰ’গেম ৰিপৰ্টৰ অনুসৰি পুৰুষৰ ক্ষেত্ৰত বৰ্তমান কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ৬,৭৯,৪২১ জন যদিও ২০২৫ লৈ ইয়াৰ সংখ্যা ৭,৬৩,৫৭৫ জনলৈ বৃদ্ধি পাব ৷ আনহাতে, মহিলাৰ ক্ষেত্ৰত বৰ্তমান কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ৭,১২,৭৫৮ গৰাকী যদিও ২০২৫ ত ইয়াৰ সংখ্যা ৮০৬,২০২৫ জনলৈ বৃদ্ধি পাব।

কিন্তু আমাৰ দেশত যেতিয়াই কৰ্কট ৰোগত আক্ৰান্তৰ সন্দৰ্ভত আলোচনা হয়,এটা কথা স্পষ্ট যে কৰ্কট ৰোগত বেছিকৈ বয়োজ্যেষ্ঠ সকল আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় । আনহাতে মুম্বাইৰ নানাৱতী হস্পিতালৰ চিকিৎসক ড° দুধাটে কয় যে জ্যেষ্ঠসকলৰ দৰে কনিষ্ঠসকলৰো কৰ্কট ৰোগত আক্ৰান্তৰ আশংকা অধিক ৷ ২০-২৫ বয়সৰ সময়ত যুৱতীসকলৰ ব্ৰেষ্ট কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায় ৷

প্ৰকৃততে বিভিন্ন কৰ্কট ৰোগৰ বিভিন্ন কাৰণ থাকে। ড° সুজাতা মিট্টলৰ মতে ভাৰতত হোৱা কৰ্কট ৰোগৰ বহু কাৰণ আছে ৷ কিছু যুৱতী সকলৰ স্তনৰ কৰ্কট ৰোগৰ হোৱাৰ কাৰণৰ ভিতৰত “অপুষ্টি, বেছি সময় কাম কৰা,অত্যাধিক মানসিক চাপ, মাদক দ্ৰব্য সেৱন, সুৰা সেৱন আদি ৷ গতিকে ধুম্ৰপান, মাদক দ্ৰব্য আদিৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম, যোগ আদিৰ দ্বাৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি ৷

Exit mobile version