দুধনৈত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

20200819 175512

আজি দুধনৈ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দ্বাৰ উন্মোচন কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয়- কংগ্ৰেছৰ শাসন কালত বিপদৰ সময়তো মানুহে আৰক্ষী থানালৈ যোৱা নাছিল, কাৰণ সেই সময়ত আৰক্ষীয়ে ৰাইজৰ কথা শুনা নাছিল ।

ইপিনে কংগ্ৰেছ চৰকাৰেও অসম আৰক্ষীক কোনো গুৰুত্ব দিয়া নাছিল আৰু আৰক্ষী বিভাগটোৰ আধুনিকীকৰণৰ কথা কেতিয়াও ভবা নাছিল । আজি অসম আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে আৰু দেশৰ ভিতৰত অন্যতম হবলৈ সক্ষম হৈছে অসম আৰক্ষী । ১৮৯৮ চনত বৃটিছৰ দিনতে স্থাপন হোৱা দুধনৈ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্য মন্ত্ৰী সোনোৱালে পুনৰ কয় যে আৰক্ষীয়ে বিপদৰ বন্ধু, সেই কথা প্ৰতিপন্ন কৰিব লাগিব অসম আৰক্ষীয়ে ৷

লগতে কয়, বৰ্তমান আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে আৰু এতিয়া অসম আৰক্ষীত বহু পৰিৱৰ্তন হৈছে ৷ আজি স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী বিভাগেও সমানে সমানে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি সফল হৈছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আনকি এইখন চৰকাৰৰ কাৰ্যকালত খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হৈছে ৷ এইখন চৰকাৰে সদায় অসমৰ ৰাইজৰ গঠনমূলক সমালোচনাক গুৰুত্ব দি কাম কৰি আহিছে ৷ সন্ত্ৰাসবাদ নিৰ্মূল আৰু দুৰ্নীতি মুক্ত অসম গঢ়াত বিজেপি চৰকাৰে কঠোৰ হৈ আহিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

এই উদ্বোধনী সভাতেই দুধনৈ সমষ্টিৰ আদৰ্শ কৃষক চেনাইশ্ৰী বসুমতাৰী আৰু ৰাষ্ট্ৰীয় বটাঁপ্ৰাপ্ত আদৰ্শ শিপিনী বীণাপাণি কোচক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উদ্বোধনী সভাত ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক ৰাভা, টিংখং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা, জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক চাহাবুদ্দিন আহমেদ, সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা প্ৰমুখ্যে কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Exit mobile version