পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল হলীউড গায়িকা ব্ৰিটনী স্পিয়াৰ্ছঃ কিন্তু কিয়?

1043653 hollywood beauty awards arrivals los angeles usa 25 feb

সততে হলীউডৰ বিভিন্ন খবৰে প্ৰায়ে আমাক সচকিত কৰে ৷ এইবাৰ পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল হলীউডৰ গায়িকা ব্ৰিটনী স্পিয়াৰ্ছ ৷ কাৰণ বিগত ১২ বছৰ পিতৃয়ে নিয়ন্ত্ৰিত কৰি আছে ব্ৰিটনীৰ জীৱন । গতিকে অতীষ্ঠ হৈ ব্ৰিটনী কাষ চাপিল আদালতৰ । তথ্য অনুসৰি আদালতৰ এজন অধিবক্তাক লগত লৈ ৩৪ বছৰীয়া কণ্ঠশিল্পী ব্ৰিটনীয়ে পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ কাৰণ পিতৃয়ে ২০০৮ ৰ পৰা ২০১৯ লৈকে এই সমগ্ৰ সময়ছোৱাত ব্ৰিটেনীৰ জীৱনৰ সকলো সৰু-বৰ সিদ্ধান্ত লৈ আহিছে।

ব্ৰিটেনীয়ে এজাহাৰত লিখিছে যে তেওঁৰ ধন টকা পইচাৰ লেনদেনত পিতৃ জেমচ স্পিয়াৰ্ছে কোনো দখল থকাটো নিবিচাৰে । বিগত ১১ বছৰে বিত্তীয় লেনদেন চোৱা চিতা কৰা এনড্ৰিও এম ৱালেটে পদত্যাগ কৰাৰ পিছত ব্ৰিটেনীৰ পিতৃ জেমছে সকলো চোৱাচিতা কৰি আহিছে  ৷ ব্ৰিটেনীৰ মতে তেওঁ পুনৰ বিগত ১১ বছৰে হৈ অহাসমূহৰ পুনৰাবৃত্তি নিবিচাৰে ।

ইপিনে সদ্যহতে ব্ৰিটেনীৰ কোনো অনুষ্ঠান নাই বুলি প্ৰকাশ পাইছে ৷ শেষবাৰৰ কাৰণে ২০১৮ চনৰ অক্টোবৰত ব্ৰিটেনীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল । ২০১৯ ত এক অনুষ্ঠানত সকলো অনুষ্ঠান বাতিল কৰে । আনহাতে ব্ৰিটেনীয়ে এই সন্দৰ্ভত এতিয়ালৈকে ক’তো প্ৰকাশ কৰা নাই ৷

Exit mobile version