প্ৰতিষেধক প্ৰস্তুতিৰ বুজ ল’লে কেন্দ্ৰই

Coronavirus

দেশৰ মাটিত কেতিয়া প্ৰস্তুত হ’ব কৰ’নাৰ প্ৰতিষেধক? সম্প্ৰতি এই প্ৰতীক্ষাত দিনে নিশাই প্ৰহৰ গণিছে কোটি কোটি দেশবাসীয়ে ৷ ৰাছিয়াই ইতিমধ্যে প্ৰতিষেধক প্ৰস্তুতৰ কথা ঘোষণা কৰিলেও ভাৰতৰ বাবে সেয়া বৰ লাভ জনক নহ’ব বুলি বিশেষজ্ঞসকলৰ ধাৰণা ৷ কিয়নো ৰাছিয়াৰ প্ৰতিষেধক উৎপাদনৰ হাৰ যি ধৰণৰ তেনেহ’লে ভাৰতৰ প্ৰতিজন নাগৰিকৰ শৰীৰত সেয়া প্ৰয়োগ কৰিবলৈ বহু বছৰ লাগিব ৷

প্ৰকৃতাৰ্থত দেশৰ মাটিত প্ৰতিষেধক উৎপাদন নহ’লে সমস্ত ভাৰতবাসীৰ হাতত তুলি দিয়াটো একপ্ৰকাৰ অসম্ভৱ হ’ব ৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশীয় সংস্থাসমূহক প্ৰতিষেধক উৎপাদনৰ বাবে উৎসাহ যোগাইছে । তদুপৰি সকলো প্ৰকাৰৰ সহযোগিতাৰ আশ্বাস দিয়া হৈছে ৷ প্ৰতিষেধক সংক্ৰান্তীয় কেন্দ্ৰীয় সমিতিয়ে এই প্ৰসংগত দেশৰ আগশাৰীৰ দৰৱ প্ৰস্তুতকাৰী সংস্থাসমূহৰ স’তে বৈঠকত মিলিত হৈছে ।

বৈঠকত উপস্থিত থাকে নিটি আয়োগৰ সদস্য ভি কে পাল, কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ সহ অন্যান্যসকল ৷ মুঠ পাঁচটা প্ৰতিষেধক প্ৰস্তুতকাৰক সংস্থাৰ স’তে পৃথকে সাক্ষাৎ কৰে সমিতিয়ে । এই সংস্থাসমূহ হৈছে ছেৰাম ইনষ্টিটিউটত, ভাৰত বায়’টেক, জাইদাছ কেডিলা, জেনেডা বায়’ফাৰ্মাচিউটিকেলছ আৰু হায়দৰাবাদৰ সংস্থা বায়’লজিকেল ৷

এই সংস্থাসমূহৰ পৰা মূলত প্ৰতিষেধক প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লোৱা হয় ।ইতিমধ্যে সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত সৃষ্ট ভাৰত বায়’টেকৰ কোভেক্সিনৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল প্ৰায় শেষ হৈছে । কেডিলাৰ প্ৰতিষেধকৰো অৱস্থা একে ৷ ছেৰাম ইনষ্টিটিউট টাস্ক ফ’ৰ্ড প্ৰতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি দিয়া হৈছে।

Exit mobile version