দেশৰ সেনা বাহিনীয়ে ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে আজি গুৰুতৰ কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সহযোগত প্লাজমা দান শিবিৰ মুকলি কৰে । এই প্লাজমা দান শিবিৰত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । সেনাবাহিনীৰ চতুৰ্থ কৰৰ তৰফৰ পৰা আজি জোৱানে প্লাজমা দানৰ বাবে তেওঁলোকৰ তেজৰ নমুনা পৰীক্ষা কৰে ।
উত্তৰ পূৰ্বাঞ্চলত দেশৰ সেনা বাহিনীৰ দ্বাৰা আজি প্ৰথম বাৰৰ বাবে প্লাজমা দান কৰা হয় ।মুঠ ৪০ জন সেনা বাহিনীৰ জোৱানে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা দান কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সেনাবাহিনীৰ চতুৰ্থ কৰৰ জি অ চি, লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালে । এই বিশেষ প্লাজমা দান শিবিৰ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই প্লাজমা দান কৰা সেনা জোৱানক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশংসা কৰে ।
সেনা জোৱান সকলৰ স’তে মত বিনিময় কৰি তেওঁ কয় যে, আজি এটা গুৰুত্বপূৰ্ণ দিন আৰু ১৫-২০ দিনৰ ভিতৰতে স্বাস্থ্য বিভাগে তেজপুৰত প্লাজমা শিবিৰ আৰম্ভ কৰে । সেনাবাহিনীৰ পৰা অসমৰ ৰাইজৰ বাবে ই এক গুৰুত্বপূৰ্ণ অৱদান বুলি উল্লেখ কৰি ড° শৰ্মাই অসমৰ ৰাইজে সেনাবাহিনীৰ ওচৰত চিৰদিন ঋণী হৈ থাকিব বুলি মন্তব্য কৰে । তেওঁ পুনৰ কয় যে, প্লাজমা দান কৰাটো অতি আৱশ্যকীয়, যদি কৰ’নাক পৰাস্ত কৰিব লাগে তেনেহলে প্লাজমা দান কৰিব লাগিব । এজন ক’ভিড ৰোগী আই চি উ ত থকা অৱস্থাত তেওঁক প্লাজমাই যথেষ্ট পৰিমাণে সহায় কৰে বুলিও তেওঁ কয় ।
এই শিবিৰত ভাষণ দি চতুৰ্থ কৰৰ জি অ চি লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালে এই মহৎ কাৰ্যৰ প্ৰতি সঁহাৰি জনাবলৈ পাই ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানে গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰাৰ লগতে ভাৰতীয় সেনা প্ৰয়োজনৰ সময়ত সদায় অসমবাসী ৰাইজৰ কাষত থাকিব বুলি উল্লেখ কৰে ৷ আজিৰ সভাত পূৰ্বে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত প্লাজমা দান কৰা শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, ইক্ৰামুল হুছেইন আৰু টি এম চি এইছত চিকিৎসাধীন হৈ থকা অৱস্থাত প্লাজমা থেৰাপী লাভ কৰি সুস্থ হৈ উঠা পুৰুজিৎ নাথ নামৰ এজন ব্যক্তিয়ে তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰে । সভাত অংশগ্ৰহণ কৰাৰ আগতে মন্ত্ৰীগৰাকীৰ আগত টিএমচিএইছৰ কৰ্তৃপক্ষই হাস্পতালখনত জটিল স্বাস্থ্যজনিত সমস্যা দেখা দিয়া ৰোগীৰ প্লাজমা থেৰাপী যোগে সুস্থ হৈ উঠাৰ বিষয়ে দৃশ্যশ্ৰাব্য মাধ্যমৰে প্ৰকাশ কৰে ।