ছ’চিয়েল মিডিয়াত সততে এক্টিভ থকা বলীউডৰ বিগ বি অমিতাভ বচ্চনক শেহতীয়াকৈ এগৰাকী লোকে হিন্দীত প’ষ্ট লিখিবলৈ আহ্বান কৰে ৷ ব্যক্তি গৰাকীয়ে লিখে “অমিতাভ বচ্চন মহাশয়, যদি আপোনাৰ প’ষ্ট হিন্দীত আহে,তেন্তে বহুত ভাল লাগে ৷” ইয়াৰ পিচতে অমিতাভ বচ্চনৰ সমগ্ৰ পৰিয়ালক ধন্যবাদো জনায় ব্যক্তিগৰাকীয়ে ৷
ইপিনে ব্যক্তি গৰাকীয়ে অমিতাভ বচ্চনক উদ্দেশ্যি কৰা এই টুইটৰ পিছতে মিষ্টাৰ বচ্চনে প্ৰত্যুত্তৰ দি কয় “আপুনিও ‘প’ষ্ট’ শব্দটো হিন্দীতে লিখক” ৷ আনহাতে ৭৭ বছৰীয়া অভিনেতা অমিতাভ বচ্চনে প্ৰায়ে ইনষ্টাগ্ৰাম, টুইটাৰ তথা ব্ল’গত হিন্দী আৰু ইংৰাজীত নিজৰ মনোভাৱ ব্যক্ত কৰে । অলপতে কৰ’না ভাইৰাছৰ সন্দৰ্ভত এগৰাকী ব্যক্তিৰ লগত হোৱা বিতৰ্কত হিন্দীেতে প্ৰত্যুত্তৰ দিছিল অমিতাভ বচ্চনে । লগতে অমিতাভ বচ্চনে প্ৰায়ে পিতৃ হৰ্ষবৰ্দ্ধন ৰায় বচ্চনৰ কবিতাসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
উল্লেখযোগ্য যে বিগত সময়ত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অমিতাভ বচ্চন । ইয়াৰ পিছতে ক’ভিড-১৯ নিগেটিভ অহাৰ পিছত ঘৰলৈ সুস্থ হৈ উভতে মিষ্টাৰ বচ্চন ৷ ইপিনে শেহতীয়াকৈ অমিতাভ বচ্চনক আমাজন প্ৰাইমত মুক্তি প্ৰাপ্ত “গুলাব চিটাব’ত” দেখা গৈছিল । লগতে অনাগত সময়ত অমিতাভ বচ্চনক দেখা যাব ব্ৰহ্মাস্ত্ৰ, জুণ্ড এণ্ড চেহেৰে ছবিত ৷