৩০গৰাকী মহিলা চাফাই কৰ্মীক অব্যাহতি দিয়াক লৈ কামাখ্যা ষ্টেচনত উত্তপ্ত পৰিস্থিতি

hqdefault

গুৱাহাটীৰ অন্যতম কামাখ্যা ৰেলৱে ষ্টেচনত মঙ্গলবাৰে কোনো আগতীয়া জাননী নিদিয়াকৈ ৩০ গৰাকী মহিলা চাফাই কৰ্মীক কামৰ পৰা অব্যাহতি দিয়াক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাপ্ত তথ্য মতে ইম্প্ৰেছন ছাৰ্ভিছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ অধীনত বিগত এটা বছৰ ধৰি ৩০ গৰাকী মহিলা চাফাই কৰ্মীয়ে কমাখ্যা ষ্টেচনত দিনে-নিশাই চাফাই কাৰ্যত জড়িত আছিল।

কিন্তু মঙ্গলবাৰে ৰেল চলাচল বন্ধ থকাৰ অজুহাতত তেওঁলোকক কামৰ পৰা অব্যাহতি দিয়ে। ক্ষুব্ধ চাফাই কৰ্মী সকলে ইয়াৰ প্ৰতিবাদত ষ্টেচনত কিছু সময়ৰ বাবে ধৰ্ণা দি উত্তপ্ত কৰি তোলে ষ্টেছনৰ চৌহদ। তেওঁলোকে এই কার্যৰ বাবে সুনীল বাছফৰ নামৰ ঠিকাদাৰ জনক জগৰীয়া কৰি যোৱা এবছৰ পি এফ আৰু মেডিকেলৰ নামত চাৰি হাজাৰ টকা জমা ৰখা আৰু সেই টকা নিদিয়াকৈ পলায়ন কৰা বুলি অভিযোগ কৰিছে । টকা ঘুৰাই নাপালে আত্মহত্যা কৰিব বুলিও মহিলা সকলে সদৰী কৰে ।

Exit mobile version