পৃথিৱীৰ ভিতৰতে অন্যতম উষ্ণ অঞ্চল হিচাপে পৰিচিত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াস্থিত ‘ডেথ ভেলী’ত যোৱা শনি আৰু দেওবাৰে সৰ্বাধিক তাপমাত্ৰাই ১৩০ ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ ৫৪.৪ডিগ্ৰী চেন্টিগ্ৰেড স্পৰ্শ কৰিছিল । পূৰ্বতকৈ এইবাৰ তাপমাত্ৰা দশমিক চাৰি ডিগ্ৰী অধিক বৃদ্ধি পায় ।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমগ্ৰ পশ্চিম উপকূলতে বৰ্ধিত উষ্ণতাই স্বাভাৱিক জীৱন যাপনত ব্যাপক প্ৰভাৱ পেলাইছে ।
ইয়াৰ ভিতৰত অন্যতম হৈছে কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলী ৰাষ্ট্ৰীয় উদ্যান।দুটাকৈ মৰু অঞ্চলৰ মাজত অৱস্থিত এই ডেথ ভেলী । স্বাভাৱিকতে মৰু অঞ্চলত অৱস্থিতিৰ ফলত ডেথ ভেলী প্ৰায় উষ্ণ হৈ থাকে । তাপমাত্ৰা বৃদ্ধিৰ ফলত যোৱা সপ্তাহৰ অন্তত অঞ্চলটোত সম্পূর্ণভাৱে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে । স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি উষ্ণতা বৃদ্ধি পোৱাৰ ফলত উপভোক্তাসকলে অধিক মাত্ৰাত বিদ্যুৎ ব্যৱহাৰ কৰে । এনে কাৰণত চাপ অধিক বৃদ্ধি পোৱাত বিদ্যুৎ প্ৰবাহ বন্ধ হৈ পৰে ।
উষ্ণতাৰ ফলত পথৰ ওপৰৰ আলকাতৰা পৰ্যন্ত গলি যায় । এনে উষ্ণতাৰ ফলত মানুহৰ মৃত্যুৰো আশংকা বৃদ্ধি পাইছে । নতুনকৈ ৰোপন কৰা গছপুলিৰ বৃদ্ধিতো বাধাৰ সৃষ্টি হ’ব পাৰে । বতৰবিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা অনুসৰি ইয়াৰ পূৰ্বে উত্তৰ আফ্ৰিকাৰ টিউনিছিয়াত তাপমাত্ৰাই ৫৫ডিগ্ৰী চেন্টিগ্ৰেড স্পৰ্শ কৰিছিল । ১৯৩১ ত হৈছিল এই অভিলেখ । কিন্তু ইয়াৰ পাছত তাপমাত্ৰা ইমান অধিকলৈ উঠাৰ নিদৰ্শন নাই ।