অভিনেত্ৰী ছাৰা আলী খানৰ স’তে সুশান্ত সিং ৰাজপুতৰ আছিল প্ৰেমৰ সম্পৰ্ক

sushantandsaraweb1550663878

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ দুমাহ পাৰ হৈ গ’ল । ছুপ্ৰিম ক’ৰ্টে এই ঘটনাৰ উচিত তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছে । সুশান্তৰ অনুৰাগীয়েও এই ঘটনাৰ ন্যায় বিচাৰি ছ’চিয়েল মিডিয়া যোগে আহ্বান জনাইছে । দিনে দিনে সলনি হৈছে এই ঘটনাৰ দৃশ্যপট । সুশান্তৰ বন্ধু ছেম’য়েল হোকিপৰ এটা ইনষ্টাগ্ৰাম প’ষ্টে সকলোকে আচৰিত কৰি তুলিছে ।প’ষ্টটোত লিখিছে , ‘কেডাৰনাথ’ ছবিখনৰ দৃশ্যগ্ৰহনৰ সময়ত ছাৰা আৰু সুশান্ত দুয়োজনে প্ৰেমত পৰিছিল । ইজনে সিজনক বহুত সন্মান কৰিছিল আৰু গভীৰ ভাৱে ভাল পাইছিল । যিটো আজিকালিৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব কমেই দেখা যায় ।’

লগতে হোকিপে লিখিছে ,’ছাৰাই সুশান্তৰ লগতে সুশান্তৰ পৰিয়াল, বন্ধু-বৰ্গ , কৰ্মচাৰী সকলোকে সমানেই সন্মান কৰিছিল । দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ আছিল । মোৰ আচৰিত লাগে সুশান্তৰ ‘sunsiriya’ ছবিখনৰ মুক্তিৰ পাছত ছাৰা আলী খানে প্ৰেমৰ সম্পৰ্ক চ্ছেদ কৰে সুশান্তৰ স’তে ।এইয়া কোনো বলিউড মাফিয়াই বাধ্য কৰাইছিল নেকি ?’

উল্লেখ্য যে সুশান্তৰ আত্মহত্যাৰ সম্পৰ্কে ছাৰা আলী খানে মুকলিকৈ একো মন্তব্য দিয়া নাই । ছাৰা আৰু সুশান্তক একেলগে ‘কেডাৰনাথ’ চিনেমা খনত দেখা গৈছিল । আনহাতে, ছেম’য়েল হোকিপ সুশান্তৰ এজন অন্তৰংগ বন্ধু আছিল । ছেম’য়েল হোকিপৰ এই ইনষ্টাগ্ৰাম প’ষ্টটোৱে সকলোকে আচৰিত কৰি তুলিছে ।

Exit mobile version