এজাক বৰষুণতে কিয় ভাহি যায় গুৱাহাটী

Screenshot 63

উমৈহতীয়া শ বাহী হয়, এই আপ্তবাক্যশাৰীৰ চূড়ান্ত প্ৰতিফলন ঘটিছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ মহানগৰীত । ফলত বছৰৰ পাছত বছৰ ধৰি ৰাজ্যৰ ৰাজকোষৰ শ শ কোটি টকা শৰাধ কৰাৰ পাছতো আজি পৰ্যন্ত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধানতো নহ’লেই বৰঞ্চ দিনক দিনে ই অধিক জটিলৰূপ ধাৰণ কৰিছে ৷ এজাক ধাৰাষাৰ বৰষুণতে বছৰৰ পাছত বছৰ ধৰি তচনচ হৈ আহিছে মহানগৰীৰ আভিজাত্য ৷

লক্ষণীয়ভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে অন্যতম নিৰ্বাচনী ইছ্যু হৈ পৰিছে মহানগৰীৰ এই কৃত্ৰিমবানৰ সমস্যা ৷ এই ক্ষেত্ৰত ব্যক্তিক্ৰম নহয় শাসকীয় বিজেপিও ৷ বিভিন্ন চৰকাৰে গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে আঁচনিয়ে গ্ৰহণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ মাজত সমন্বয়হীনতাৰ বাবে আজিও পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাই ।

এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা সংস্থাসমূহক সঠিকভাৱে নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চূড়ান্তৰূপে ব্যৰ্থ হোৱা বুলিও ক্ষোভৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিত প্ৰশ্ন হয় “কিয় সমাধান নহয় গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা”? এজাক বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানী আৰু অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নলা নৰ্দমা তথা গৰিষ্ঠসংখ্যক লোৰা অসচেতনতাৰ বাবে মহানগৰীত সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানৰ সমস্যাই ৷

এই সমস্যা সমাধানৰ বাবে গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী মহানগৰ নিয়ম প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গড়কাপ্তানি বিভাগ,তথা জলসম্পদ বিভাগৰ আমোলা বিষয়াই প্ৰায় একেধৰণে মন্তব্য আগবঢ়ায় ৷ বাহ্যিক দৃষ্টিত এই ব্যাখ্যা সচাঁ যেন লাগিলেও মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ নামত আছে আবন্টিত পুঁজি আত্মসাতৰ অংক । সেই বাবে বিভাগীয় লোকসকলে এই সমস্যা সমাধানতকৈ ইয়াক দীৰ্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, লাচিত নগৰ আদি চাপৰ ঠাইত অৱস্থিত কাৰণে কৃত্ৰিম বানৰ সমস্যা হোৱাত ডাঙৰ কথা নহয় । কিন্তু শেহতীয়াকৈ মহানগৰীৰ ওখ ঠাইসমূহতো কৃত্ৰিম বানে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ এই ঠাইসমূহৰ ভিতৰত আছে হাতীগাঁও অঞ্চল ।

উল্লেখযোগ্য যে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ কাৰণে গুৱাহাটী উন্নয়ন বিভাগে জি এম চি, জি এম ডি এ, গড়কাপ্তানি বিভাগ, জলসম্পদ বিভাগ, ৰেলৱে কৰ্তৃপক্ষ, অইল ইণ্ডিয়া লিমিটেডকে ধৰি সকলোৱে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ কাৰণে অভিযান আৰম্ভ কৰিছে ৷ মহানগৰীৰ অতিৰিক্ত মুখ্য সচিবৰ তত্ত্বাৱধানত এই অভিযান আৰম্ভ হৈছে ২০১৭ ৰ পৰা যদিও আজিও কৃত্ৰিম বানৰ সমস্যা সমাধান নহ’ল বুলি প্ৰকাশ পাইছে এক বিশেষ সূত্ৰত ।

বৰঞ্চ এই সমস্যাসমূহ ইটো বিভাগে সিটো বিভাগলৈ ঠেলী দিয়াতেই দায়িত্ব সামৰে ৷ সেয়েহে উমৈহতীয়া শ বাহী হোৱাৰ দৰে শ শ কোটি টকা ব্যয়ৰ পাছত কৃত্ৰিম বানৰ সমস্যা, সমাধান হৈয়ে থকা বুলি এক সূত্ৰই প্ৰকাশ কৰে ৷

Exit mobile version