কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তঃগুৱাহাটীসহ তিনিটা বিমানকোঠ ৫০ বছৰৰ লীজত আদানী গোটলৈ

IMG 20190411 WA0007

দেশৰ বিমানকোঠত ব্যক্তিগতকৰণৰ ছাঁ৷এই ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিলে সিদ্ধান্ত ৷ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ অধীনস্থ তিনিটাকৈ বিমানকোঠ ক্ৰমে গুৱাহাটী, জয়পুৰ আৰু তিৰুঅনন্তপুৰম ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব পদ্ধতিৰে লীজত দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় ।

কেন্দ্ৰীয় তথ্যমন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে এই কথা ঘোষণা কৰি কয় “এয়া এক স্থায়ী পদক্ষেপ নহয়, ৫০ বছৰৰ বাবে লীজত দিয়া হৈছে ৷ এই মডেল জৰিয়তে সংগৃহীত ৰাজহ সৰু মহানগৰীৰ বিমানকোঠৰ উন্নয়নৰ বাবে ব্যয় কৰিব এ এ আয়ে ৷ দ্বিতীয়তে যাত্ৰীসকলে উত্তম সুবিধা লাভ কৰিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকত এই কথা সদৰী কৰি এইদৰে কয় জাৱৰেকাৰে ৷

ইতিমধ্যে বিগত বৰ্ষত কেবিনেটে আহমেদাবাদ, লক্ষ্ণৌ আৰু মাংগালুৰু বিমানকোঠ পি পি পি ৰ জৰিয়তে আদানী গ্ৰুপক ৫০ বছৰৰ বাবে লীজত দিয়াৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। দিল্লী আৰু মুম্বাইৰ বিমানকোঠ ব্যক্তিগতগত কোম্পানী ক্ৰমে জি এম আৰ আৰু জি ভিকেক হস্তান্তৰ কৰাৰ পাছত এইয়া দ্বিতীয়টো বিমানকোঠ ব্যক্তিগতকৰণ সিদ্ধান্ত ৷

বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীত জয়পুৰ,গুৱাহাটী আৰু তিৰুঅনন্তপুৰমৰ অতিৰিক্ত তিনিটা বিমানকোঠ পৰিচালনা বাবে আদানী গোটক নিৰ্বাচিত কৰা হৈছিল ৷ চৰকাৰে পি পি পি ভিত্তিত ৫০ বছৰ এই সমূহ বিমানকোঠ পৰিচালনাৰ বাবে ব্যক্তিগত গোটৰ অংশদাৰিত্ব বিচাৰি নিবিদা আহ্বান জনাইছিল ৷ ইপিনে কেবিনেটে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা গঠনৰ সিদ্ধান্ত লয় ৷ কেন্দ্ৰীয় চৰকাৰৰ পদৰ বাবে উমৈহতীয়া অৰ্হতা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই সংস্থা গঠন কৰা হ’ব ৷

Exit mobile version