ফেচবুকে ক’লে, ‘ট্ৰাম্পে ঘৃণাভৰা ভাষণ, ভুল তথ্য প্ৰকাশ কৰিলে আমি ডিলিট কৰিম’

WhatsApp Image 2020 08 20 at 5.02.30 PM

অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষভাৱে সকীয়নি দিলে ফেচবুকে । ফেচবুকৰ মুখ্য অ’পাৰেটিং বিষয়া শ্বেৰিল ছেণ্ডবাৰ্গে কয় যে যদিহে ট্ৰাম্পৰ শিবিৰে ফেচবুকৰ নিয়ম উলংঘন কৰি কোনো মন্তব্য প্ৰকাশ কৰে তেন্তে সেই মন্তব্য ফেচবুকে ডিলিট কৰিব ।

ADVERTISEMENT

এন এছ এন বি চিৰ স’তে হোৱা এক সাক্ষাৎকাৰত ছেণ্ডবাৰ্গে স্পষ্ট কৰি কয় যে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে যদি ঘৃণাভৰা ভাষণ বা কৰ’বা ভাইৰাছ সংক্ৰমণৰ সন্দৰ্ভত কোনো ভুল তথ্য বা ফেচবুকত প’ষ্ট কৰে তেন্তে সেয়া ফেচবুকৰ পৰা লগে লগে প্ৰত্যাহাৰ কৰা হ’ব । উল্লেখ্য যে, ২০১৬ ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ট্ৰাম্পে ফেচবুকৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিছিল। ফেচবুকৰ জৰিয়তে বিদেশী শক্তিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত হস্তক্ষেপ কৰা বুলিও ট্ৰাম্পে অভিযোগ আনিছিল ।

Exit mobile version