বিতর্কিত ধৰ্মগুৰু নিত্যানন্দৰ ‘ৰিজাৰ্ভ বেংক অৱ কৈলাস’

2019 11image 16 57 099719681sszd ll

শিশু নিগ্ৰহৰ অপৰাধত জড়িত হৈ বৰ্তমান পলাতক অৱস্থাত থকা গুৰু নিত্যানন্দই এইবাৰ মুকলি কৰিছে ৰিজাৰ্ভ বেংক । তেওঁৰ এই ৰিজাৰ্ভ বেংকৰ নাম হ’ব ‘ৰিজাৰ্ভ বেংক অৱ কৈলাস’ । একমাত্ৰ বেংক মুকলি কৰাই নহয় , নিজস্ব মুদ্ৰাৰো সৃষ্টি কৰিছে বিতৰ্কিত গুৰুজনে । আগন্তুক গণেশ চতুৰ্থীত এই মুদ্ৰা প্ৰচলন হ’ব । এই সন্দৰ্ভত এটি ভিডিঅ’ প্ৰকাশ কৰিছে ধৰ্ষণত অভিযুক্ত গুৰুজনে । দেশৰ পৰা পলাই যোৱা নিত্যানন্দই যোৱা মাহকেইটাত ইতিমধ্যে কে’বাটাও ভিডিঅ’ প্ৰকাশ কৰি বহু বিচিত্ৰ দাবী কৰাটো নিয়মত পৰিণত হৈছে।

নিত্যানন্দৰ প্ৰতিটো ভিডিঅ’ৰ অৱশ্যে কোনো গোপন স্থানতহে দৃশ্যগ্ৰহণ কৰা হয় । নিত্যানন্দই সম্প্ৰতি ইকুৱেডৰৰ ওচৰত থকা এটা দ্বীপত আশ্ৰয় গ্ৰহণ কৰিছে । গুৰুজনে ইকুৱেইডৰৰ ওচৰত এটি দ্বীপ ক্ৰয় কৰা বুলিও ইতিমধ্যে খবৰ প্ৰকাশ পাইছিল । কণ কণ ল’ৰা-ছোৱালী তথা নাবালিকাক নিজ আশ্ৰমত আবদ্ধ কৰি ৰখাৰ লগতে ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত হৈ আছে এইজন স্বঘোষিত গুৰু স্বামী নিত্যানন্দ ।

ধর্ষণৰ অভিযোগতে গুজৰাট আৰক্ষীয়ে নিত্যানন্দক গ্ৰেপ্তাৰৰ চেষ্টা চলোৱাৰ সময়তে তেওঁ দেশ এৰি পলায়ন কৰে । ইয়াৰ পাছতেই ততাতৈয়াকৈ নিত্যানন্দই দ্বীপটো ক্ৰয় কৰি পেলায় । এই দ্বীপটোৰে নাম ৰাখে কৈলাস।নিত্যানন্দই দাবী কৰা অনুসৰি নিজৰ এই দ্বীপ ৰাষ্ট্ৰখন বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ আৰু একমাত্ৰ স্বাধীন সাৰ্বভৌম হিন্দু ৰাষ্ট্ৰ ।

Exit mobile version