মোবাইলত মেছেজ লিখি পত্নীক তিনি তালাক দিলে ১০৮ ৰ কৰ্মচাৰী আজিজুৰ ৰহমানে

unnamed 4

সংসদত বিল পাছ কৰি প্ৰধানমন্ত্ৰী মোডী চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে “তিনি তালাক” ৷ কিন্তু এই তিনি তালাক নিষিদ্ধ কৰাৰ পিছত এই আইন কিমানজনে মানিছে ? নে কেৱল কাগজে কলমে সীমাবদ্ধ হৈ আছে এই আইন। শেহতীয়াকৈ বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটী গাঁৱৰ এজন যুৱকে নিজৰ পত্নীক আইন অমান্য কৰি তিনি তালাক দিয়াৰ পিছতে আইনৰ কাষ চাপিছে মহিলা গৰাকী ৷

আদাভেটীৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে গোৱালতলী গাঁৱৰ তাৰাবান বেগমৰ লগত ডেৰ বছৰ পূৰ্বে নিকাহত বহিছিল ৷ কিন্তু নিকাহৰ পিছৰে পৰা পত্নীৰ ওপৰত চলিছিল অকথ্য নিৰ্যাতন ৷ উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰ সহায়ত ঘৰলৈ ওভতাই আনে তাৰাবান বেগমক ৷ চাৰিমাহ অন্ত:সত্তা হৈ ঘৰলৈ উভতি অহা পত্নীৰ খবৰো নাৰাখিলে আজিজুৰে ৷ দুয়োৰে জীৱনলৈ এটি পুত্ৰ সন্তান আহিল যদিও সন্তানৰ মুখ নাচালে আজিজুৰে ৷

আটাইতকৈ আশ্বৰ্যকৰ বিষয়টো হৈছে মোবাইলত তালাক, তালাক, তালাক বুলি মেছেজ লিখি সম্পৰ্ক ছেদ কৰাৰ কথাহে আজিজুৰে জনালে পত্নীক ৷ অৱশেষত উপায়ন্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা তাৰাবান বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায়ৰ বিচাৰি ঘুৰি ফুৰিছে ৷

উল্লেখ্য যে আজিজুৰ ৰহমান হৈছে স্বাস্থ্য বিভাগৰ ১০৮ সেৱাৰ কৰ্মচাৰী আৰু বিশ্বনাথ চাৰিআলিত কৰ্মৰত হৈ আছে তেওঁ ৷ আনহাতে দেশৰ আইন অমান্য কৰি মোবাইলত মেছেজ লিখি তালাক দিয়া আজিজুৰৰ বিৰুদ্ধে পত্নীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে এই ঘটনাই প্ৰমাণ কৰিছে মুছলিম মহিলাক ন্যায় দিবৰ বাবে প্ৰণয়ন কৰা নতুন আইন কেৱল কাগজে কলমেহে ৷ বাস্তৱত নাই কোনো এই আইনৰ মূল্য ৷ আজিও পূৰ্বৰ দৰেই দেশত চলি আছে তিনি তালাক ৷

Exit mobile version