শ্বিলং, ইটানগৰ, ডিমাপুৰৰ লগতে দেশৰ ১০ খন অপৰিস্কাৰ জিলাৰ তালিকা

hqdefault 1

২০২০ ৰ স্বচ্ছতাৰ ক্ষেত্ৰত উত্তৰ পূবৰ ৰাজ্যৰসমূহত আগবঢ়োৱা সমীক্ষাত দেখা গৈছে অতি দুখলগা ছবি ৷ শ্বিলং, ইটানগৰ আৰু ডিমাপুৰৰ লগতে ১০ খন জিলা সম্প্ৰতি অপৰিস্কাৰ হিচাপে চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে গয়া, বক্সাৰ, ভাগলপুৰ, বিহাৰ শ্বৰীফ, চাহাৰ্চা, শ্বিলং ইটানগৰ আৰু ডিমাপুৰ ৷

ADVERTISEMENT

এই সমূহ জিলাত পানীৰ অপব্যয়,বায়ু প্ৰদূষণৰ লগতে আৰু বহু কাৰণ দেখিবলৈ পোৱা গৈছে । দেশৰ ভিতৰতে ইন্দোৰে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম স্থানত থকাৰ সময়তে উত্তৰ পূবৰ জিলাসমূহৰ এই স্থিতি যথেষ্ট দুৰ্ভাগ্যজনক ।

আনহাতে স্বচ্চতাৰ ক্ষেত্ৰত গেংটকে ৩১৯ স্থান দখল কৰাৰ বিপৰীতে উত্তৰ পূবৰ কহিমা, আইজল, ইম্ফল, আগৰতলা, গুৱাহাটী, ইটানগৰ আৰু শ্বিলঙে লাভ কৰিছে ক্ৰমে ৩৩০, ৩৩৭, ৩৪৮, ৩৫৬, ৩৭৬, ৩৭৭ আৰু ৩২৫ সংখ্যক স্থান ৷ স্বচ্ছ ভাৰত অভিযানৰ অংশ স্বৰূপে স্বচ্চ সুভেক্সন ২০১৪ ৰ ২ অক্টোবৰত আৰম্ভ হৈছিল । ভাৰতৰ ৰাজ্যসমূহক পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগ কৰাৰ কাৰণে এই পদক্ষেপ হাতত লৈছিল চৰকাৰে ৷

Exit mobile version