অনলাইন পাঠ্যক্ৰম হৈ পৰিছে বহু শিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীৰ বোজাস্বৰূপ

Online classes 1 1

দেশজুৰি ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিৱেশত অনলাইন শিক্ষাই বিশেষ গুৰুত্ব লাভ কৰিছে। বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে অনলাইন পাঠদানৰ পদ্ধতিৰ স’তে বিভিন্ন সীমাবদ্ধতাৰ বাবে এখন যুঁজত লিপ্ত হ’বলগীয়া হোৱাৰ দৰে পৰিৱেশৰ সন্মূখীন হৈছে।

ADVERTISEMENT

শেহতীয়াভাৱে এন চি ই আৰ টি এ এখন সমিতি গঠন কৰি এই সম্পৰ্কত জৰীপ চলাবলৈ দিয়াৰ পাছত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ হৈছে। এই সমীক্ষা অনুসৰি, শিক্ষণৰ এই বিকল্প ব্যৱস্থাই সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সমমানৰ শিক্ষা নিশ্চিত কৰিব নোৱাৰে । বিকল্প পদ্ধতি শিক্ষণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্যৰ কাৰণসমূহ হৈছে শিক্ষকসকলৰ সময়ৰ অসমবিতৰণ, ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এনে শিক্ষণৰ প্রতি পৰিয়ালৰ সমৰ্থনৰ অভাৱ ।

এই জৰীপৰ তথ্য অনুসৰি তলাবন্ধৰ সময়ছোৱাত আৰু ইয়াৰ পাছত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈছে । ২০ ৰ পৰা৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় তেওঁলোক কঠিন অভিজ্ঞতাৰ সন্মূখীন হৈছে আৰু১০ ৰ পৰা ২০ শতাংশই কয় যে এয়া তেওঁলোকৰ বাবে বোজা সদৃশ হৈছে । এনে বিভিন্ন প্ৰতিবন্ধকতাৰ কাৰণ হৈছে দুৰ্বল ইণ্টাৰনেট, নেটৱৰ্ক সংযোগ আৰু ছিগনেল । ম’বাইল ফোনৰ জৰিয়তে অনলাইন ক্লাছত শিক্ষাদান কৰাটো কঠিন বিষয় বুলি জৰীপত কোৱা হৈছে ।

একে সময়তে ছাত্ৰ-ছাত্ৰী সকলৰ ফলদায়ক শৈক্ষিক উদ্দেশ্যৰ বাবে সঁজুলিৰ ব্যৱহাৰৰ জ্ঞান সীমিত বা বহুতৰে নাই। একেদৰে শিক্ষকসকলো অনলাইন শিক্ষাৰ পদ্ধতিৰ স’তে সুপৰিচিত নহয় । জৰীপত দেখা গৈছে যে অধিকাংশ ছাত্ৰ-ছাত্ৰী অথবা শিক্ষককে ধৰি অংশীদাৰ সকলে ম’বাইল ফোনৰ ব্যৱহাৰ কৰিছে । ইয়াৰ পাছতে আছে লেপটপ। চৰকাৰে বিভিন্ন সময়ত উদগনি জনালেও টেলিভিছন আৰু ৰেডিঅ’ৰ ব্যৱহাৰ ক’ভিড-১৯ পৰিস্থিতিত তেনেই নূন্যতম। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ম’বাইলৰ ওপৰতে ভৰসা কৰা দেখা গৈছে। জৰীপৰ তথ্য অনুসৰি অনলাইন পদ্ধতিৰে গণিতৰ শিক্ষা গ্ৰহণ অতি কঠিন বিষয়।

Exit mobile version