ডিব্ৰুগড়ত ৩০ লক্ষাধিক মূল্যৰ হেৰ’ইন সহ এজন আৰক্ষীৰ জালত

IMG 20200821 WA0019

ডিব্ৰুগড় চহৰত আজি ৩০ লক্ষাধিক টকাৰ হেৰ’ইন সহ এজন আৰক্ষীৰ জালত ধৰা পৰে ।অভিযুক্তজনৰ নিজ গৃহৰ ভিতৰতে উদ্ধাৰ হয় মাৰাত্মক হেৰ’ইনৰ বৃহৎ ভাণ্ডাৰ । আজি ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বক্স পালেঙত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে ৩০ লক্ষাধিক টকাৰ মূল্যৰ ৩০০ গ্ৰাম হেৰ’ইন । ডিব্ৰুগড় চহৰৰ লোহাৰপট্টীৰ পথাৰ লাইনত অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষীয়ে ।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰী আৰু আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই হেৰ’ইন খিনি জব্দ কৰিবলৈ সক্ষম হয়। ৩০০ গ্ৰাম হেৰ’ইন জব্দ কৰা লগতে ব্যৱসায়ত জড়িত মহম্মদ ইউনুচ খানক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩০ লক্ষাধিক হ’ব বুলি জানিবলৈ দিছে । আনহাতে ধৃত ইউনুচ খানক নাজিৰ আলি নামৰ এজন লোকেহে দহ হেজাৰ টকা কমিচন দিম বুলিকৈ ৰাখি থ’বলৈ দিয়া বুলিহে মন্তব্য কৰিছে ।

যুৱ প্ৰজন্মক মৃত্যুৰ পথলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাজে-সময়ে ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা লগতে বহুতক গ্ৰেপ্তাৰ কৰিছে যদিও ডিব্ৰুগড়ত ড্ৰাগছৰ বজাৰ উৎখাত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । যাৰবাবে বহুতো নৱপ্ৰজন্ম অকালতে ধ্বংসৰ মুখলৈ গতি কৰিছে । উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ নেতৃত্বতে কে’বামাহ পূৰ্বে এক অভিযান চলাই প্ৰায় কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল।

Exit mobile version