মালিগাঁওত নাহৰফুটুকীৰ আক্ৰমণত শিশু নিহত

child dead body

মহানগৰীৰ মালিগাঁওত আডিংগিৰিত আজি সন্ধিয়া নাহৰফুটুকী বাঘৰ আক্ৰমণত এটি শিশু নিহত হয় । নিহত শিশুটি শিৱম কুমাৰ (৬) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে আজি সন্ধিয়া প্ৰায় ছয় মান বজাত শিশুটি সমনীয়াৰ সৈতে ঘৰৰ বাহিৰত খেলি আছিল । হঠাতে সমীপৰ পাহাৰৰ হাবিৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘ শিশুটিৰ ওপৰত জপিয়াই পৰে ।

বাঘটোৱে শিশুটিৰ ডিঙিত কামুৰি চোঁচৰাই লৈ যোৱাত সমনীয়া কেইজনে হৈ-চৈ কৰাত বাঘটোৱে শিশুটিক এৰি হাবিলৈ গুচি যায়। পিছত পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত শিশুটিক স্থানীয় সঞ্জীৱনী হস্পিতালত ভৰ্তি কৰায় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে । উল্লেখ্য যে, মহানগৰীৰ মালিগাঁওৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত বাঘৰ মুক্ত বিচৰণৰ লগতে বাঘৰ আক্ৰমণত বহু লোক পূৰ্বেও আঘাতপ্ৰাপ্ত হৈছে।

Exit mobile version