দীৰ্ঘদিনীয়া তলাবন্ধৰ পৰিণতিত আত্মহত্যা এহাল দম্পতীৰ

BILASHIPARA SUICIDE

এফালে কৰ’না মহামাৰীৰ সন্ত্ৰাস আনফালে চৰকাৰৰ দীৰ্ঘদিনীয়া তলাবন্ধ ৷এই তলাবন্ধৰ চৰম পৰিণতিত বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত ফুটকীবাৰীত যোৱা নিশা দহটা মান বজাত সংঘটিত হয় এক শোকাৱহ ঘটনাৰ ৷ প্ৰাপ্ত বাতৰি মতে দৰিদ্ৰতাৰ তাড়নাত আত্মহত্যা কৰে গাঁৱখনৰ এহাল দম্পতীয়ে ৷

পেচাত টেম্প’ চালক বিষ্ণু নাথ ওৰফে কনক নাথে দীৰ্ঘদিনীয়া তলাবন্ধৰ বাবে নিয়মিত ভাবে চলাব পৰা নাছিল টেম্প’খন৷পৰিয়াল সুত্ৰে জানিবলৈ দিয়া মতে বন্ধন বেংকৰ পৰা ঋণ গ্ৰহণ কৰি ক্ৰয় কৰা টেম্পে’খন নিয়মিত ভাবে চলাব নোৱাৰত আৰ্থিক দৈন্যতাত ভূগি থাকিব লগীয়া হৈছিল কনক নাথৰ পৰিয়ালে ৷

ফলত দম্পত্তি হালে আজি নিজ গৃহতে গাত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে৷ পিছত শৰীৰৰ অধিকাংশ অংশ জ্বলি যোৱা দম্পত্তি হালক গুৱাহাটী GMCH লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাত দম্পত্তি হালৰ মৃত্যু হয়৷আত্মহত্যা কৰা দম্পত্তি হালে নিজৰ এটি তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায়৷আৰ্থিক দৈন্যতাত ভুগি থকা দম্পত্তি হালৰ এনে চৰম সিদ্ধান্তই ঘাট মাউৰা কৰি তুলিছে তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰ সন্তানটিয়ে ৷সম্প্ৰতি সমগ্ৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে |

Exit mobile version