সুশান্ত সিং ৰাজপুতৰ ডিঙিত ৩৩ চেন্টিমিটাৰৰ দাগে সৃষ্টি কৰিছে চাঞ্চল্যৰ

ssr1200 1

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইয়ে কৰি আছে। ইয়াৰ মাজতে অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি সুশান্তৰ ডিঙিত ৩৩ চেন্টিমিটাৰৰ এটা দাগ পোৱা গৈছে ৷এই দাগটো দেখাত U আকাৰৰ।

লগতে দাগটোৰ পৰা প্ৰমাণ হয় যে সুশান্তৰ ডিঙিত ৰচী বা এনেধৰণৰ কোনো বস্তুৰ জৰিয়তে হেচাঁ দিয়া হৈছিল ।আনহাতে মৰণোত্তৰ পৰীক্ষাৰ এই প্ৰতিবেদনত সুশান্তৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে প্ৰশ্ন কৰিছে। সিঙৰ প্ৰশ্ন ” যিবোৰ কথা সুশান্ত মৃত্যুৰ সময়ত কোৱা হৈছিল ৷সেইবোৰ কথা মৰণোত্তৰ প্ৰতিবেদনত কিয় নাই ।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সুশান্তৰ মৃত্যুৰ সময়ো নাই। এনেকুৱা কিয় কৰিলে।”

সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰধান তথ্যসমূহ হৈছে :

ইফালে এইমছে সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ তদন্ত কৰিবৰ কাৰণে পাঁচজন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল। এইমছৰ ফৰেণছিক হেড ডা° সুধীৰ গুপ্তাৰ তত্ত্বাৱধানত সমিতিখনে চিবিআইকো সকলো তদন্তৰ তথ্য দিব। ড° সুধীৰ গুপ্তাৰ মতে” আমি হত্যাৰ আশংকাৰ লগতে বিভিন্ন দিশৰ পৰা তদন্ত কৰিব৷”উল্লেখযোগ্য যে মানসিক হতাশা আঁতৰাবলৈ যদি সুশান্তক ঔষধ দিয়া হৈছিল ৷তেন্তে সেয়াও লেবটৰীত টেষ্ট কৰা হ’ব ৷

Exit mobile version