আনুষ্ঠানিকভাৱে বিপিএফত যোগ দিলে অঞ্জলী দৈমাৰীয়ে

WhatsApp Image 2020 08 24 at 3.43.47 PM

বড়ো ওমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী তথা প্ৰাক্তন এনডিএফবি নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী ড৹ অঞ্জলী দৈমাৰীয়ে আজি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে । ওদালগুৰি জিলা বিপিএফৰ কাৰ্যালয়ত কেবা শতাধিক বিপিএফ কৰ্মীৰ উপস্থিতিত জিলা বিপিএফৰ সভাপতি ৰিহন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত নেতৃগৰাকীয়ে বিপিএফ দলত যোগদান কৰে ।

এই সন্দৰ্ভত সাংবিদিকে সোধা প্ৰশ্নৰ উত্তৰত অঞ্জলী দৈমাৰীয়ে কয় যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ সম দিশত উন্নয়ণৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আজি মই বিপিএফ দলত যোগদান কৰিছো। বিগত বহু বছৰ ধৰি মই সামাজিক সংগঠনৰ সৈতে জৰিত হৈ আছো । সেয়েহে ৰাইজক সেৱা কৰাৰ এটা মন লৈ মই বিপিএফ দললৈ আহিছো আৰু আশা কৰো অনাগত দিনত মই ৰাইজৰ সেৱা কৰিবলৈ সুযোগ পাম । ইউপিপিল দলো বিটিআৰ চুক্তি স্বাক্ষৰকাৰী দল নহয়, আৰু বিপিএফো চুক্তি স্বাক্ষৰকাৰী দল নহয়।

যিহেতু সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে, সেয়েহে সকলোৱে সকলো দললৈ যোৱাৰো অধিকাৰ আছে। মোক বড়ো ওমেন জাষ্টিছ ফ’ৰাম সংগঠনৰ তৰফৰ পৰাও বিপিএফত যোগদানৰ প্ৰস্তাৱ গ্ৰহণ দিছে । যিহেতু মই আজি বিপিএফ ৰাজনৈতিক দলত যোগদান কৰিছো, সেয়েহে অনাগত দিনত বিপিএফ দলৰ সকলো নীতি-নিয়ম মানি অনুশাসনৰ মাজেৰে চলি যাম ।‌

আগন্তুক দিনত বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে চৰকাৰ গঠন হব। বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীয়ে বিগত ১৭ বছৰ পূৰ্বে বিটিচিখনক শূন্যৰ পৰা আৰম্ভ কৰি আজি এই ৰূপলৈ আনিছে। কাম কৰিলে মানুহৰ ভুল ভ্ৰান্তি হ’ব পাৰে । কিন্তু সেই ভূলবোৰ কেনেকৈ নোহোৱা কৰিব পাৰি সেইটোহে আচল কথা।

বিটিচিত যদি দূৰ্নীতি হৈছে, তাক ৰাইজে আঙুলিয়াই দিলে আমি শুধৰাবলৈ কাৰ্যব্যৱস্থা হাতত লম। ইফালে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এই চুক্তিখন সম্পূৰ্ণ মূল্যহীন ৷ তেওঁ কয় এই চুক্তিখনে বড়ো জাতিটোক সম্পূৰ্ণভাৱে ধ্বংস কৰিব । প্ৰথমে মই বিটিচি নিৰ্বাচন শেষ কৰি লওঁ, তাৰ পাছত অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে মাথা মাৰিম । আজি অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাটো এটা শুভ লক্ষণ ।

তেওঁক আজিৰে পৰা বিপিএফৰ হৈ কাম কৰাৰ বাবে সুবিধা কৰি দিয়াৰ বাবে এটা সম্পাদকৰ পদ দিয়া হৈছে । পৰৱৰ্তী অধিৱেশনত তেখেতক পুনৰ এক নতুন পদবী দিয়াৰ বাবে চিন্তা চৰ্চা কৰা হৈছে । অসমত কোন দলে কাৰ লগত মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হয় সেয়া মোৰ কবলগা একো নাই। বিপিএফ এটা সৰু দল আৰু আমি হৈছো সুবিধাবাদী দল । যিয়ে আমাক সুবিধা দিয়ে তাৰ লগতেই আমি থাকিম ।

ইফালে আগন্তুক বিটিচি নিৰ্বাচনত ৩০ খনকৈ আসন দখল কৰাৰ কথা উল্লেখ কৰি মহিলাৰীয়ে কয় যে ওদালগুৰি জিলাখনৰ ১০ খনৰ ভিতৰত ১০ খন আসন, বাক্সা জিলাৰ ১১ খন আসনৰ ভিতৰত ৯ খন আসন, কোকৰাঝাৰত ১২ খন আসনৰ ভিতৰত ৯ খন আসন লাভ কৰিব বুলিও দাবী কৰে। আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলৰ মূল প্ৰতিদ্বন্দী ইউপিপিএল হ’ব বুলি মহিলাৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে।

বিটিআৰ চুক্তি কেৱল বড়োৰ কথা কোৱা হৈছে বুলি মহিলাৰীয়ে দাবী কৰি এই চুক্তি ৰূপায়ণ হ’লে বড়ো জাতিটো নিঃশেষ হ’ব বুলি উল্লেখ কৰে। আনহাতে ২০০৩ চনৰ বিটিচি চুক্তিখনত সকলো জাতি-জনগোষ্ঠীৰ কথা উল্লেখ আছে বুলি মহিলাৰীয়ে মত ব্যক্ত কৰে ।

ইফালে ৰঞ্জন দৈমাৰীৰ জামিন সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামাই কয় যে আলফা নেতাসকলে যদি বিভিন্ন উপায়ে জেলৰ পৰা ওলাব পাৰে, তেন্তে এনডিএফবি নেতায়ো ওলাব পাৰিব। আইন সকলোৰে বাবে সমান হোৱা উচিত। আজিৰ এই বিশাল যোগদান সভাত সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োসহ ওদালগুৰি জিলাৰ বিটিচি পৰিষদীয় সমষ্টিৰ কেইবাজনো প্ৰাৰ্থী উপস্থিত থাকে।

Exit mobile version