ইজৰাইলত মাটিৰ তলত উদ্ধাৰ ১১০০ বছৰীয়া পুৰণি স্বৰ্ণমুদ্ৰা

4991

ইজৰাইলত মাটিৰ তলৰ পৰা উদ্ধাৰ হ’ল অসংখ্য স্বর্ণমুদ্ৰা। উদ্ধাৰ হোৱা মুদ্ৰা খিনি প্ৰায় ১১০০ বছৰীয়া পুৰণি বুলি ঠাৱৰ কৰা হৈছে । যোৱা ১৮ আগষ্টত এই মুদ্ৰা খিনি উদ্ধাৰ কৰে লিয়াত নাদাভ জিভ নামৰ এজন স্থানীয় যুৱকে।উল্লেখ্য যে উক্ত স্থানত লিয়াতে বাসগৃহ স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছিল আৰু সেই নিৰ্মিত্তে সেই স্থানত মাটি খণ্ডন কৰিছিল । মাটি খান্দি থাকোতে হঠাৎ লিয়াতৰ চকু পৰিল পাতৰ দৰে সোণালী কিছু সামগ্ৰীৰ ওপৰত ।মাটিখিনি ভালদৰে আঁতৰাই পৰিস্কাৰ কৰি দেখে সেয়া আন একো নহয় সোণৰ কিছুমান মুদ্ৰাহে ।

ADVERTISEMENT

এইদৰে লিয়াতে মাটিৰ তলৰ পৰা বহু কেইটা সোণৰ মুদ্ৰা উদ্ধাৰ কৰে । এই মুদ্ৰাখিনি কোনো অজ্ঞাত লোকে লুকুৱাই থোৱা গুপ্তধন বুলি সন্দেহ কৰা হৈছে । বিশেষজ্ঞৰ মতে এই মুদ্ৰা খিনি ন শতিকাৰ আব্বাচিড খলিফাৰ দিনৰ বুলি ঠাৱৰ কৰিছে । পিছে এই মুদ্ৰাখিনিৰ গৰাকীৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । গতিকে কোনে এই স্বর্ণ মুদ্ৰা বোৰ লুকুৱাই ৰাখিছিল সেই সম্বন্ধে একো তথ্য প্ৰকাশ কৰা নাই ইজৰাইল চৰকাৰে।

Exit mobile version