গুদামত পৰি ৰৈছে এছ চি, এছ টি,অ’ বি চিৰ বাবে আবন্টিত সামগ্ৰী

Important Scheduled Caste And Scheduled Tribes Rights in India

‘সবকা সাথ সবকা বিকাশ’ৰ পৰিৱৰ্তে ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ বাবেই সংবিধানপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকল। ফলস্বৰূপে বিভিন্ন জিলাৰ গুদামত পৰি ৰৈছে বিভিন্ন চৰকাৰী আঁচনিৰ আবন্টিত সৌৰ চাকি, টিনপাত, সাৰ, ক্ৰিয়া সামগ্ৰী, ফিল্টাৰ, টেবলেট, পাৱাৰ টিলাৰ, জোতা, বহী, পেঞ্চিলকে ধৰি বিভিন্ন সামগ্ৰী । হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ নকৰিলেও সংশ্লিষ্ট আঁচনিৰ বিপৰীতে আবন্টিত ধনৰাশি অধিকাংশ ঠিকাদাৰে ইতিমধ্যে মোকলাই নিছে।

দিছপুৰৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে, ৰাজ্যৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলে যাতে সময়ৰ লগত খোজ মিলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰে । সংশ্লিষ্ট আঁচনিসমূহৰ বিপৰীতে হোৱা মুঠ ব্যয়ৰ ৭০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ৩০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰে ।

নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সংশ্লিষ্ট আঁচনিৰ অধীনত ক্ৰয় কৰা সামগ্ৰীসমূহ জিলা আৰু মহকুমা ভিত্তিত গঠন কৰা অনুসূচীত জাতি কল্যাণ বৰ্ড, অনুসূচীত জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বৰ্ডে বাছনি কৰে সংশ্লিষ্ট জিলা আৰু মহকুমা হিতাধিকাৰীসকল । পাছত পৰ্যায়ক্ৰমে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সংশ্লিষ্ট হিতাধিকাৰীৰ মাজত আচঁনিমূহৰ বিপৰীতে আবন্টিত সামগ্ৰীসমূহ বিতৰণ কৰে ।

২০১৯ ৰ ২০ ফেব্ৰুৱাৰীত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ আয়ুক্ত সচিব ড° এম অংগমথুৱে বিভিন্ন আঁচনিৰ অধীনত আবন্টিত সামগ্ৰী হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব পৰাকৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাৰ প্ৰধান সচিবক অধ্যক্ষ আৰু অনুসূচীত জনজাতিৰ বাবে আই টি ডি পিৰ প্ৰকল্প সঞ্চালক আৰু অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংশ্লিষ্ট মহকুমাৰ কল্যাণ বিষয়াক সদস্য হিচাপে লৈ এখনকৈ বাছনি কমিটি গঠনৰ নিৰ্দেশনাৰে এনে এক অধিসূচনা জাৰি কৰে ।

২০১৯ৰ ২০ ফেব্ৰুৱাৰীত টি/এ/ডি বি চি/৩০৩/২০১৭/৩৫-ক নম্বৰযোগে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা অধিসূচনাৰ জৰিয়তে সমষ্টিভিত্তিক এই বাছনি সমিতিত সংশ্লিষ্ট জিলাৰ তত্বাৱধায়ক মন্ত্ৰী আৰু ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাত সংশ্লিষ্ট স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই মনোনীত কৰা দুজন সমাজকৰ্মীক সদস্যহিচাপে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়ে।

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ নামত আবন্টিত আচঁনিসমূহ স্বচ্ছতাৰে ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিক বাছনি সমিতিসমূহ গঠনৰ নিৰ্দেশ দিয়ে যদিও ইয়াৰ আঁৰত থকা দলীয় ৰাজনীতিৰ বাবেই হিতাধিকাৰীসকল আজিৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি জনায় সূত্ৰটোৱে।

Exit mobile version