- বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৬১,৪০৮ গৰাকী লোক । মৃত্যু হৈছে ৮৩৬ জন । সুস্থ হৈ উঠিছে ৫৭,৪৬৮ জন ৷ আনহাতে ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৩১,৬৩৪৯ জনলৈ ৷
- আজি আনুষ্ঠানিকভাৱে বিপিএফত যোগদান দিলে বড়ো মহিলা সংগঠনৰ নেত্ৰী অঞ্জলী দৈমাৰীয়ে । জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত হাগ্ৰামা মহিলাৰী, মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বহুতো নেতৃ বৰ্গ উপস্থিত আছিল ।
- ক’ভিড-১৯ নিগেটিভ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ আনহাতে, মহন্তৰ পত্নী স্বপ্নালী মহন্তও ক’ভিড নিগেটিভ বুলি জানিব পৰা গৈছে ।
- মই কংগ্ৰেছৰ অধ্যক্ষ পদত থাকিব বিচৰা নাই । নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে ৷ আজি কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকত এই মন্তব্য কৰিলে ছোনিয়া গান্ধীয়ে । অৱশ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ছোনিয়াক এই বিষয়ে পুনৰ বিবেচনা কৰিবলৈ কয় ।
- পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য ৷ আজি গুৱাহাটীত পেট্ৰ’ল প্ৰতি লিটাৰত ৫০ পইচাকৈ বৃদ্ধি হৈ মূল্য হয়গৈ ৮৫.৭৬ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৩৯ পইচাকৈ বৃদ্ধি হৈ মূল্য হয়গৈ ৮০.৪৮ টকা ৷
- আদালত অৱমাননাৰ গোচৰত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি নিচৰ্ত ক্ষমা বিচাৰিবলৈ অস্বীকাৰ কৰিছে ৷ তেওঁ কয় উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰিব লগা হ’লে ন্যায়ালয়ৰ ওচৰত বিশ্বাসহীনতাৰ ভাৱৰ সৃষ্টি হ’ব ৷