চীনে আলোচনাৰ জৰিয়তে নামানিলে সেনাই বিকল্প ব্যৱস্থা ল’বঃ ভাৰতীয় সেনাপ্ৰধান বিপিন ৰাৱট

photo 1

ভাৰত চীনৰ সীমা বিবাদৰ মাজতে চীফ অফ ডিফেঞ্চৰ ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ এটা মন্তব্যই চৰ্চা লাভ কৰিছে  ৷ এ এন আইৰ মতে ভাৰত চীন সীমান্তৰ সন্দৰ্ভত বিপিন ৰাৱটৰ মন্তব্য “চীনৰ লগত কথা বতৰাৰ জৰিয়তে বিবাদ সমাধান ন’হলে অন্য বিকল্প ব্যৱস্থা ল’ব লাগিব । অৱশ্যে শান্তিৰেও যিকোনো বিষয়ৰ সমাধানৰ চেষ্টা কৰিব পাৰি ৷” গালৱানত ১৫ জুনত ভাৰত চীনৰ সংঘৰ্ষৰ পিছত লাডাখত বিবাদিত অঞ্চলত ভাৰত চীনৰ সৈনিকসকলক সীমান্তৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত ভাৰতীয় সেনাবাহিনীৰ বিষয়াসকলৰ দুখন বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠক ৩০ জুন আৰু ৪ আগষ্টত মাল্ডোত অনুষ্ঠিত হৈছিল ৷

আনহাতে চিফ অফ ডিফেন্স ষ্টাফে কয় যে লাডাখত এল এ চিৰ আশে পাশে চীনৰ প্ৰত্যেকটো পদক্ষেপত দৃষ্টি ৰাখিছে ৷ চৰকাৰে চীনৰ লগত মত বিনিময় কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে ৷ ইপিনে যদিহে এলএচিত পৰিস্থিতি নিয়ন্ত্ৰণ নহয় তেন্তে ইয়াৰ কাৰণে ভাৰতীয় সেনা সদায় প্ৰস্তুত আছে ৷

লগতে বিপিন ৰাৱটে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অজিত ডোভালৰ লগতে অন্যান্য লোকসকলে লাডাখৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো বিকল্প ব্যৱস্থাৰ পৰ্যালোচনা কৰে । সকলো বিভাগৰ বিভাগীয় বিষয়াসকলে লাডাখৰ সীমান্তত ২৪ ঘন্টাই তীক্ষ্ণ দৃষ্টি ৰাখিছে । গালৱানত হোৱা যুদ্ধৰ পিছতে অজিত ডোভালৰ লগত হোৱা কথা বতৰাত চীন ভাৰত চীন সীমাৰ পৰা পিছুৱাই যাবলৈ সন্মতি দিছিল ৷ কিন্তু পুনৰ আকোৰগোঁজ ৰঙা চীনৰ নিজৰ স্থিতিত অটল আছে ৷ এনে সময়ত ভাৰতীয় সেনা প্ৰধানৰ এই মন্তব্য যথেষ্ট চৰ্চা লাভ কৰিছে ৷

উল্লেখযোগ্য যে চীনৰ গালৱানত ভাৰত চীনৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ জন জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ প্ৰায় ৪০ জন সেনাৰ মৃত্যু হৈছিল ৷ কিন্তু এতিয়াও চীনৰ কিমানজন সৈন্য সংঘৰ্ষত মৃত্যু হ’ল সেই কথা ৰাজহুৱা কৰা নাই ৰঙা চীনে ৷

Exit mobile version