বন্দে ভাৰতৰ যোগেদি বিদেশৰ পৰা আহিব লাগিব NEET পৰীক্ষাৰ্থীঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে NEETৰ পৰীক্ষাৰ্থীসকলক বিদেশত পৰীক্ষা দিবলৈ পৰীক্ষাগৃহ স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছে ৷ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক বন্দে ভাৰতৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতলৈ আনিবলৈ নিৰ্দেশ দিছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে বিগত সময়ত বিদেশত NEETৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছিল । ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ এই সন্দৰ্ভত শুনানি দিয়ে ৷

ইপিনে, ন্যায়ালয়ত মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই কয় যে যদি JEE পৰীক্ষা অনলাইন হ’ব পাৰে তেন্তে NEET কিয় নোৱাৰে ? উল্লেখযোগ্য যে নেশ্যনেল টেষ্টিং এজেন্সীয়ে ছেপ্তেম্বৰত হ’ব লগীয়া NEET পৰীক্ষাৰ কাৰণে এখন নতুন নিৰ্দেশনা জাৰী কৰিছে ৷

প্ৰায় ১৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে NEET পৰীক্ষাত সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেনেকৈ অংশ ল’ব সেই সকলোবোৰ নিৰীক্ষণ কৰি এই নিৰ্দেশনা জাৰী কৰিছে । নিৰ্দেশনা অনুযায়ী পৰীক্ষা তিনিটা ভাগত অনুষ্ঠিত হ’ব । পৰীক্ষা গৃহত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰবেশৰ সন্দৰ্ভত সময় দিয়া হ’ব । যাতে ছাত্ৰ-ছাত্ৰীসকল একেলগে পৰীক্ষাগৃহত প্ৰবেশ কৰিব নোৱাৰে ।

লগতে পৰীক্ষাৰ সদস্য আৰু পৰীক্ষাৰ্থীসকলৰ শৰীৰৰ তাপমাত্ৰা জোখা হ’ব। এই সময়ত কাৰোবাৰ শৰীৰত কৰ’নাৰ লক্ষণ দেখা পোৱা যায় তেন্তে তেওঁক পৃথককৈ ৰখা হ’ব । ইপিনে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক এজন এজনকৈ পৰীক্ষা গৃহত সোমোবলৈ দিয়া হ’ব।

পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড, পেন কাৰ্ডৰ লগতে অন্যান্য নথি-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । ইয়াৰ পিছতে পুনৰ ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা জোখা হ’ব ৷ এনেদৰে ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা, এডমিট কাৰ্ড পৰীক্ষা কৰাৰ পিছত পৰীক্ষাৰ্থীৰ ৰূম নম্বৰ আৰু চীট নম্বৰ দিয়া হ’ব ৷

Exit mobile version