মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে

WhatsApp Image 2020 08 24 at 1.30.37 PM

ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ আজি অন্ত পেলাই সোমবাৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে অথবা ৰজ্জু পথ। উল্লেখ্য যে ১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’প ৱে দেশত নদীৰ ওপৰত নিৰ্মাণ কৰা দীৰ্ঘতম ৰ’প ৱে হিচাপে চিহ্নিত হৈছে । আজি ৰ’প ৱে মুকলিৰ অনুষ্ঠানত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ইয়াৰ শুভ উদ্বোধন কৰে ।

এই ৰ’প ৱেৰে এবাৰত ৩৫ জন যাত্ৰীয়ে লুইতৰ ওপৰেৰে ইপাৰ-সিপাৰ হ’ব পাৰিব । এবাৰ যাত্ৰা কৰাৰ বাবে এগৰাকী যাত্ৰীৰ ভাড়া হ’ব ৬০ টকা । অহা-যোৱা কৰিলে ভাড়া হ’ব ১০০ টকা । আঠ মিনিটতে উমানন্দ আৰু মহাবাহুৰ সুভাস লৈ পাৰা পাৰ হ’ব পাৰিব যাত্ৰীসকলে।

Exit mobile version