অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰিৰ ন্যায়িক তদন্ত ঘোষণা কৰিও ইয়াক বাধা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি দাবী কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰ ৷ ফলত বাৰে বাৰে থমকি ৰ’বলগীয়া হৈছে এই কেলেংকাৰিৰ ন্যায়িক তদন্তৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত চৰকাৰে গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগ ৷
এই কেলেংকাৰিৰ ন্যায়িক তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ পৰা প্ৰয়োজনীয় সহযোগিতা নোপোৱাৰ বাবেই বৰ্তমানো সঠিক দিশেৰে এজনীয়া তদন্ত আয়োগে আগুৱাই নিব পৰা নাই ন্যায়িক তদন্ত প্ৰক্ৰিয়া ।
দিছপুৰৰ এক সূত্ৰই জনোৱা মতে এ পি এছ চিত সংঘটিত বিয়াগোম কেলেংকাৰিৰ ন্যায়িক তদন্তৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত বিগত বৰ্ষৰ আঠ জুলাইতে পি এল এ ৪৪০/২০১৫/১০২ ই চি এফ ৭২৬৮ নম্বৰ অধিসূচনা যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে গঠন কৰে এজনীয়া তদন্ত আয়োগ।
ইয়াৰ ভিত্তিতে এ পি এছ চিৰ কেলেংকাৰিৰ সম্পৰ্কত ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰজু হৈ থকা চাৰিটাকৈ গোচৰ প্ৰয়োজনীয় বিতং তথ্য দাখিলৰ বাবে আয়োগে ৰাজ্য চৰকাৰৰ গৃহ আৰু আৰক্ষী বিভাগ, অসম লোক সেৱা আয়োগ আৰু আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে । কিন্তু এতিয়ালৈকে এই সম্পৰ্কত দিছপুৰৰ পৰা নোপোৱাৰ বাবেই আজি পৰ্যন্ত উক্ত নথিৰ প্ৰত্যায়িত প্ৰতিলিপিসমূহ আৰক্ষীয়ে দাখিল কৰিব নোৱাৰিলে বুলি সূত্ৰটোৱে জনায় ।
লগতে এই সম্পৰ্কত ফৰেণছিক বিজ্ঞান সঞ্চালকালয়ৰ পৰা বৰ্তমানেও ভালেসংখ্যক নথিৰ প্ৰতিবেদন লাভ কৰিবলৈ বাকী থকা আৰু কৰ’নাৰ ভয়াৱহতাৰ অজুহাতত সংশ্লিষ্ট নথি দাখিলৰ ক্ষেত্ৰত বিলম্ব কৰিবলৈ দিছপুৰৰ প্ৰভৱশালী চক্ৰই দায়িত্ববাহী আৰক্ষীক হেঁচা দিয়া বুলি সূত্ৰটোৱে উল্লেখ কৰে । সংশ্লিষ্ট দায়িত্ববাহী আৰক্ষীয়ে প্ৰয়োজনীয় নথিসমূহ ন্যায়িক তদন্তত ওচৰত দাখিলৰ সপক্ষে কেতিয়ালৈ দিছপুৰৰ পৰা অনুমতি লাভ কৰে সেয়া লক্ষ্যণীয় হ’ব বুলি সূত্ৰটোৱে উল্লেখ কৰে ।