শ্বাহৰুদ্ধকাৰী বৈঠকৰ পিছত অৱশেষত কংগ্ৰেছৰ অধ্যক্ষৰ পদত বাহাল থাকিল ছোনিয়া গান্ধী

Screenshot 5 1

নেতৃত্বৰ সংকটৰ মাজত আজি কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ আনহাতে কংগ্ৰেছৰ ২৩ জন জ্যেষ্ঠ নেতাই দিয়া চিঠিক লৈও দলটোত অন্ত কন্দলৰ সৃষ্টি হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে অধ্যক্ষৰ পদৰ পৰা অব্যাহত লোৱাৰ সন্দৰ্ভত মন্তব্য কৰিছিল যদিও সম্প্ৰতি ছোনিয়াই দলৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ অৱশ্যে নতুন অধ্যক্ষ অনাগত ৬ মাহত বাচনি কৰা হ’ব বুলি সদৰী কৰিছে দলটোৱে ।

লগতে বৈঠকত এইটোও সিদ্ধান্ত লোৱা হয় যে কংগ্ৰেছ কমিতিৰ অনাগত বৈঠক অনতিপলমে অনুষ্ঠিত কৰা হ’ব যাতে অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে৷ ছোনিয়াই এই বৈঠকত কয় “আমি এক বৃহৎ পৰিয়াল ৷আমাৰ বিভিন্ন মতভেদ হয় যদিও শেষত আমাৰ সকলোৰে মাজত একতা আছে৷যিসকল লোকে চিঠি দিছিল তেওঁলোকৰ কাৰণে মোৰ মনত কোনো নেতিবাচক ভাবনা নাই। তেওঁলোকো মোৰ পৰিয়ালৰ লোক ৷”

ইফালে আজি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকখনত প্ৰথমতে ছোনিয়া গান্ধীয়ে কয় যে তেওঁ পদত থাকিব নিবিচাৰে ।দলে তেওঁৰ ঠাইত আন কাৰোবাক অধিস্থিত কৰিবলৈ যাৱতীয় প্ৰস্তুতি কৰিব লাগে ৷ ৰাহুল গান্ধীয়েও কংগ্ৰেছৰ দলৰ নেতাসকলে দিয়া চিঠিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।তেওঁ কয় যে যি সময়ত ২৩ জন নেতাই চিঠি দিছিল সেইসময়ত ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছিল ৷ৰাহুলে প্ৰশ্ন কৰে” যেতিয়া কংগ্ৰেছে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ ৰাজনীতিৰ লগত জৰিত আছিল ৷যেতিয়া দলৰ অধ্যক্ষ অসুস্থ আছিল তেতিয়াই কিয় চিঠি দিলে ?

ইফালে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ লগত বিজেপি মিলিত হৈ চিঠি দিয়াৰ প্ৰসংগত এটাও কথা কোৱা নাই বুলি সদৰী কৰে দলটোৱে। ইয়াৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল সিব্বালে নিজৰ টুইটাৰত “কংগ্ৰেছ বিজেপিৰ মিলাপ্ৰীতি”প্ৰসংগত কয় “ৰাহুল গান্ধীয়ে মোক কয় যে তেওঁ এনেধৰণৰ কোনো কথা কোৱা নাছিল” ইয়াৰ পূৰ্বে কপিল চিবালে কংগ্ৰেছৰ কাৰ্যবাহী বৈঠকত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ সন্দৰ্ভত কয়” তেওঁ বিগত ৩০ বৰ্ষত বিজেপিৰ পক্ষত কোনো মতামত দিয়া নাই। ইয়াৰ পিছতো মই বিজেপিৰ লগতে মিলা মিছা কৰিছো ৷”

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে বিচাৰে যে ছোনিয়া গান্ধী কংগ্ৰেছৰ দলৰ অধ্যক্ষৰ পদত অধিস্থিত থাকক। লগতে মনমোহন সিঙে কয় যে দলৰ ২৩ জনৰ নেতাৰ চিঠি দিয়া ঘটনাটো দূৰ্ভাগ্যজনক ৷ এক বিশেষ সূত্ৰৰ মতে দলৰ আন আন নেতাসকলে ৰাহুল গান্ধী অধ্যক্ষ হোৱাটো বিচাৰে ৷এন্টনীৰ মতে চিঠিখনতকৈ চিঠিত উল্লেখিত শব্দবোৰ নিষ্ঠুৰ আছিল। লগতে তেওঁ দলটোৰ কাৰণে ছোনিয়া গান্ধীৰ বলিদান সম্পৰ্কত মন্তব্য দিয়ে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কয় যে ছোনিয়া গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ বৈঠকলৈ অপেক্ষা কৰিব লাগে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ বৈঠকত দলৰ অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে ।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিন্দাম্বৰমেও নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ বৈঠকৰ প্ৰসংগ উত্থাপন কৰিছে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকত ছোনিয়া গান্ধীৰ ঘনিষ্ঠ আহমদ পেটেলে দলৰ অধ্যক্ষ পদত ৰাহুল গান্ধীৰ নাম উত্থাপন কৰে।

Exit mobile version