সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ প্ৰতিবেদনত নাই মৃত্যুৰ সময়

909367 sushant singh rajput

◆ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তই ৰহস্যজনক মূৰ লৈছে ।
◆ এইমছৰ ফৰেনসিক বিশেষজ্ঞ সুধীৰ গুপ্তাই সদৰী কৰা মতে সুশান্তৰ মৰণোত্তৰ প্ৰতিবেদনত মৃত্যুৰ সময় উল্লেখ নাই ।
◆ সুধীৰ গুপ্তাই এইসম্পৰ্কে চি বি আইক অৱগত কৰে।
◆ এই সংক্রান্তত চি বি আইৰ দলটো উপস্থিত হয় কুপৰ হস্পিতালত । সুশান্তৰ মৃতদেহৰ পৰীক্ষা কৰা দলটোক সোধ পোচ কৰাৰ পাছত সেই স্থান ত্যাগ কৰে চি বি আইৰ দলটোৱে। এক সূত্ৰৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ ফটোগ্ৰাফক লৈ সন্তুষ্ট নহয় চি বি আই ।
◆ উল্লেখ্য যে, যোৱাকালি চি বি আইৰ দলটোৱে সিদ্ধাৰ্থ পিঠানী আৰু নিৰজক প্ৰায় ৫ ঘণ্টা জেৰা কৰাৰ পাছত আজি ৰিয়া চক্ৰৱৰ্তীৰ ভায়েক শৌৱিক চক্ৰৱৰ্তীক ডিআৰডিঅ গেষ্টহাউচত সোধপোচ কৰে ।

Exit mobile version