যোগী আদিত্যনাথৰ চৰকাৰে উত্তৰ প্ৰদেশত গোহত্যা নিষিদ্ধকৰণৰ বাবে কঠোৰ আইন এখন প্ৰৱৰ্তন কৰিলে । এতিয়াৰে পৰা ৰাজ্যখনত গোহত্যা কৰি কোনো ব্যক্তি ধৰা পৰিলে তেওঁৰ তিনিৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে । গোহত্যাকাৰী সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে এনে ব্যক্তিৰ চিনাক্তকৰণৰ বাবে ৰাজহুৱা স্থানত প’ষ্টাৰো লগোৱা হ’ব ।
সোমবাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী সুৰেন্দ্ৰ খান্নাই এই কথা প্ৰকাশ কৰি কয় যে গোবধ নিবাৰণ সংশোধন বিধেয়ক ২০২০ ত যোগী আদিত্যনাথ চৰকাৰে গৃহীত কৰিলে আৰু এতিয়াৰে পৰা এই আইন ৰাজ্যজুৰি প্ৰৱৰ্তিত হ’ব ।
নতুন আইনত গোহত্যাকাৰী তিনিৰ পৰা ১০ বছৰ কাৰদণ্ড বিহাৰ লগতে পাঁচ লাখ টকাকৈ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। অবৈধ গো সৰবৰাহৰ স’তে জড়িত লোকৰ ফটো প’ষ্টাৰ আঁৰি ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱাৰ নিয়মো এই আইনত অন্তৰ্ভুক্ত হৈছে।