তলাবন্ধৰ প্ৰভাৱঃ ৪০ দিনত ৬৯ লাখৰ চাকৰিৰ আবেদন

168053 jobweb

দেশৰ নিবনুৱা সমস্যাই দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এটি নিয়োগ সম্পৰ্কীয় প’ৰ্টেলে এই ভয়াৱহ ছবি দাঙি ধৰিছে। দেশত কৰ’না পৰিস্থিতিত কৰ্মহীন হৈ পৰিছে কোটি কোটি লোক । ইয়াৰ স’তে মোকাবিলা কৰিবলৈ যোৱা ১১ জুলাইত এটি নিয়োগ পৰ্টেল আৰম্ভ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰ্টেলত ৪০দিনত ৬৯ লাখৰ অধিক লোকে চাকৰি বিচাৰি আবেদন দাখিল কৰে ৷ ইমান বৃহৎ সংখ্যক আবেদনকাৰিৰ বিপৰীতে তেনেই নগণ্য সংখ্যক লোকেহে চাকৰি লাভ কৰিছে ৷

আত্মনিৰ্ভৰশীল এমপ্লয়ী এমপ্লয়াৰ মেকিং পৰ্টেলৰ পৰা সংগৃহীত কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ১৪ আগষ্টৰ ২১ আগষ্টৰ সাত দিনত ভিতৰত সাত লাখ লোকে পঞ্জীয়ন কৰিছে ৷ কিন্তু কামত যোগ দিছে মাত্ৰ ৬৯১ জনে ৷৬৪ লাখ নথিভুক্তৰ ভিতৰত এক লাখ ৫৯ জনক কামৰ প্ৰস্তাৱ দিয়া হয় যদিও তেওঁলোকৰ ভিতৰত যোগদান কৰে মাত্ৰ ৭৭০০ জনে ৷

চৰকাৰী সূত্ৰত প্ৰকাশ কৰে যে দৰ্জি ইলেকট্ৰিচিয়ান,চিলাই মেচিন চালক,কুৰিয়াৰ ডেলিভাৰী এক্সিকিউটিভ,নাৰ্ছ আদিৰ বাবে সৰ্বাধিক আবেদন দাখিল কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সৰ্বাধিক সংখ্যক শ্ৰমিকৰ ঘাটি আছে দিল্লী, কৰ্ণাটক, হাৰিয়ানা, তামিলনাডু আৰু তেলেংগানাত ।বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা এই ৰাজ্যসমূহত কৰ্মৰ তাগিদাত বহু শ্ৰমিক যায় । কিন্তু মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাত প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতি আহে।

এই পৰ্টেলৰ তথ্য অনুসৰি ৫১৪টা সংস্থাই নাম অন্তৰ্ভুক্ত কৰিছে ৷তাৰ ভিতৰত ৪৪৩ টা সংস্থাই ২৯২ হেজাৰ পদৰ বাবে বিজ্ঞাপন দিছে ৷ ইয়াৰ ভিতৰত এক লাখ ৪৯ হেজাৰক কামৰ প্ৰস্তাৱ দিয়া হৈছে। এইসকলৰ ভিতৰত সৰ্বাধিক আৰু ৭৩.৪ শতাংশ কামৰ প্ৰস্তাৱ আহিছে স্বাস্থ্য আন্তঃগাঁথনি,বেংক,বীমা আৰু নিৰ্মাণ সংস্থাৰ পৰা ৷ সৰ্বাধিক কামৰ বাবে আবেদন দাখিল কৰা হৈছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু আৰু দিল্লীৰ পৰা ৷ পৰ্টেলৰ তথ্য অনুসৰি মুঠ কামৰ প্ৰস্তাৱৰ ভিতৰত ৭০ শতাংশ কৰ্ণাটক, দিল্লী, হাৰিয়ানা, তেলেংগানা আৰু তামিলনাডু ৷

Exit mobile version