সবল মনোভাৱৰ মহিলাসকলৰ বাবে অংকিতা কোঁৱৰৰ এটি প’ষ্ট

WhatsApp Image 2020 08 25 at 8.45.39 PM 1

মনোৰঞ্জন জগতত অন্যতম চৰ্চাত থকা দেখিবলৈ পোৱা যায় অসমৰ জী অংকিতা কোঁৱৰ আৰু ৫৪ বছৰীয়া মডেল মিলিন্দ সুমনক । অংকিতা আৰু মিলিন্দে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা বহু প’ষ্টে অনুৰাগীসকলক আকৰ্ষিত কৰাৰ লগতে আদৰিও লয়।

সোমবাৰে অংকিতাই ইনষ্টাগ্ৰামত নিজৰ এখন ধুনীয়া ফটো আপলোড কৰে আৰু প্ৰত্যেক সময়তে সমৰ্থন কৰি অহা মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে। হালধীয়া টপ আৰু চৰ্টছ পিন্ধি বিশেষ ভঙ্গীমাত থকা দেখিবলৈ পোৱা অংকিতাৰ ফটোখন ক্লিক কৰিছে অংকিতাৰ হাজবেণ্ড মিলিন্দ সুমনে ।

এক মনোৰম ঠাইত বহি প্ৰত্যেকটো মুহূৰ্ত উপভোগ কৰিছে অংকিতাই। প’ষ্টটোৰ কেপছনত লিখিছে এনেদৰে, “প্ৰত্যেক সবল মনোভাৱৰ মহিলাৰ আঁৰত বহু শক্তিশালী মনৰ মহিলা থাকে, যিসকলে পিছত থাকি সহায় বা সমৰ্থন কৰে। তাৰ বাবে প্ৰত্যেকৰ ওচৰত মই কৃতজ্ঞ । মোক সদায় সমৰ্থন কৰাৰ বাবে সকলোকে ধন্যবাদ ।”

অংকিতাৰ অনুৰাগীসকলে প’ষ্টটিৰ পৰা প্ৰেৰণা পোৱা বুলি কমেন্টযোগে উল্লেখ কৰে। এগৰাকী অনুৰাগীয়ে লিখে যে, “আৰু আপুনি এতিয়া মোৰ দৰে বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস, যি আপোনাৰ প’ষ্টটোৰ দ্বাৰা অনুপ্ৰাণিত হৈছো ।” আনএগৰাকী অনুৰাগীয়ে লিখিছে, “এয়া সঁচাকৈয়ে বহু গুৰুত্বপূৰ্ণ ।” চকু ফুৰাও আহঁক অংকিতাৰ প’ষ্টটিৰ কিছু কমেন্ট-

Exit mobile version