লাহে লাহে সেউজ বৰণ ল’বলৈ লৈছে থৰ মৰুভূমিয়ে । কিন্তু ইয়াৰ ফলত ক্ৰমে বিনষ্ট হ’বলৈ লৈছে প্ৰাকৃতিক ভাৰসাম্য । ‘গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট’ হিচাপে পৰিচিত ভাৰতৰ উত্তৰ-পশ্চিম অংশত থকা এই মৰুভূমিখনত অবৈজ্ঞানিকভাৱে কৰা কৃষি কাৰ্য, নিয়ন্ত্ৰণহীন নিৰ্মাণ তথা উদ্যোগ স্থাপনৰ ফলত প্ৰাকৃতিকভাৱে বিস্তাৰ লাভ কৰা সেউজ অঞ্চলবিলাক লাহে লাহে পুনৰ ধ্বংসৰ মুখলৈ গতি কৰিছে । কৃত্ৰিম সেউজকৰণৰ ফলত স্বাভাৱিক ভাৱে হোৱা বৃষ্টিপাতৰ মাত্ৰাও হ্রাস পাবলৈ লৈছে ।
পৰিস্থিতি সম্প্ৰতি এনে পৰ্যায়লৈ গৈছে যে স্থানীয়ভাৱে গৃহপালিত জীৱ-জন্তুৰ বাবেও সেউজ খাদ্যৰ অভাৱ হ’বলৈ লৈছে । বৃষ্টিপাত হ্রাস পোৱাত কৃষকসকলৰো চিন্তা বৃদ্ধি পাইছে । স্থানীয় বাসিন্দাসকলৰ মতে কৃত্ৰিম সেউজকৰণ অতি সোনকালেই ধ্বংসৰ মুখলৈ আগবাঢ়িব আৰু পুৰণি মৰুভূমিৰ ছবিখনেই প্ৰকৃত ছবিলৈ পৰিণত হ’ব । ৰাজস্থানৰ এই মৰুভূমি ২,০০,০০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তাৰিত হৈ আছে ।
ইফালে, আফ্ৰিকাৰ ছাহাৰা মৰুভূমিক লৈ পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য । কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ মতে চাৰি হেজাৰ বছৰ পূৰ্বে ছাহাৰা অঞ্চলৰ এনে ৰূপ নাছিল । বালিৰ পথাৰৰ স্থানত আছিল সেউজ বনাঞ্চল; কিন্তু ভয়াবহ খৰাঙৰ ফলত লাহে লাহে অঞ্চলটো মৰুভূমিত পৰিণত হ’ল । সমগ্ৰ বিষয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল ।