অনলাইন পাঠ্যক্ৰমৰ বাবে দৰিদ্ৰ শিক্ষাৰ্থীক ম’বাইল ফোন যোগান ধৰে বলিউডৰ অভিনেতা ছনু সুডে

sonusood 1595591766

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত দেশত বন্ধ হৈ আছে শিক্ষানুস্থান সমূহ ।তলাবন্ধৰ ‘আনলক’ পৰ্যায়টো বিদ্যালয়সমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে । সেইবাবেই এতিয়া অনলাইনযোগে চলি আছে বিদ্যালয়ৰ পাঠদান । কিন্ত ভাৰতৰ বহু ঠাইত এনে অনলাইন শিক্ষাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে একাংশ শিক্ষাৰ্থী । ধনৰ অভাৱত একাংশ লোকে ক্ৰয় কৰিবলৈ পৰা নাই ম’বাইল ফোন ।

হাৰিয়ানাৰ মোৰনী গাঁৱৰ একাংশ শিক্ষাৰ্থীয়ে অনলাইন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিবলৈ যাব লাগে বহুদূৰ । গাঁওখনৰ শিক্ষাৰ্থীসকলে খোজ কাঢ়িয়ে শিক্ষালাভৰ বাবে বহুদূৰ বাটকুৰি বাব লাগে । এই খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ লগে লগে এই সকল দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন বিতৰণৰ বাবে আগবাঢ়ি আহিল অভিনেতা ছনু সুড । শিক্ষাৰ্থীসকলে ঘৰতে থাকি যাতে পঢ়া-শুনা কৰিব পাৰে তাৰবাবে অভিনেতাজনে এই পদক্ষেপ হাতত লয় ।

অভিনেতা জনে তেওঁৰ বন্ধু কিৰণ গিলহোত্ৰাৰ সহযোগত এই স্মাৰ্টফোন সমূহ গাঁৱখনৰ চৰকাৰী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ অধ্যক্ষকৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰে । ইয়াৰ পাছত অভিনেতা গৰাকীয়ে টুইটাৰত লিখে, ‘সকলো শিক্ষাৰ্থীয়ে যাতে অনলাইন শিক্ষাত ভাগ ল’ব পাৰে তাৰবাবে স্মাৰ্টফোন প্ৰদান কৰা হৈছে ।  ‘Padega Bharat tabhi tu badega Bharat’ । ছাত্ৰ সকলৰ এই সমস্যা পোহৰলৈ অনাৰ বাবে হিনা ৰোহতগীলৈও ধন্যবাদ।’

উল্লেখ্য যে অভিনেতাগৰাকীয়ে ইয়াৰ পূৰ্বেও বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে । তলাবন্ধৰ সময়ত আবদ্ধ হৈ পৰা কে’বাজন শ্ৰমিকক বিমানৰ টিকট কাটি দি নিজ গৃহলৈ ঘূৰি যোৱাৰ ব্যৱস্থাও কৰি দিছিল ।আনহাতে, বানত সৰ্বশ্ৰান্ত হেৰুৱা এগৰাকী যুৱতীকো আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ খবৰো সংবাদ মাধ্যমত প্রকাশিত হৈছিল ।

Exit mobile version