বাৰ্চিলোনাৰ পৰা বিদায় ল’ব প্ৰসিদ্ধ ফুটবলাৰ লিয়োনেল মেছিয়ে

Messi Lisbon AP

আৰ্জেণ্টিনাৰ ষ্টাৰ ষ্টাইকাৰ লিয়োনেল মেছিয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনাক এৰিবলৈ প্ৰস্তুতি চলাইছে ৷ ক্লাবে লগতে কয় যে মেছিয়ে প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে মেনেজমেণ্টক প্ৰতিবেদন দাখিল কৰে। মেছিয়ে ২০১৭ চনত ক্লাবৰ লগত বুজা বুজি চুক্তি কৰিছিল । এই চুক্তি ২০২১ ৰ জুনত শেষ হ’ব ৷ সংবাদ মাধ্যমৰ ৰিপৰ্টৰ মতে মেছিয়ে যিকোনো সময়তে স্পেইনিছ ক্লাবৰ পৰা অব্যাহতি ল’ব পাৰে ।

অন্যহাতে মেছিয়ে ২০১৪ ৰ ১৬ অক্টোবৰত ১৮ বছৰ বয়সত বাৰ্চিলোনাৰ কাৰণে নবাগত হিচাপে খেল পথাৰত নামিছিল । তেতিয়াৰ পৰা মেছিয়ে দলৰ কাৰণেও ৭৩১ খন মেছত ৬৩৪ টা গ’ল কৰে ৷ ইফালে চলিত বৰ্ষত এনেস্তো বেলবেদেক বাৰ্চিলোনাৰ কোচ পদৰ পৰা বলপূৰ্বকভাৱে অব্যাহত দিয়া হয় । ইয়াৰ কাৰণেও মেছি আৰু খেলৰ মেনেজাৰ এৰিক অৱিদালৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে। কাৰণ অৱিদালে মেছিৰ নাম উল্লেখ নকৰাকৈ কৈছিল যে বেলবেদৰ কাৰণে দলৰ খেলুৱৈসকল সুখী নহয়।

ইয়াৰ কাৰণে কোচক বিভাগীয় পদৰ পৰা অব্যাহতি দিয়া হ’ল।ইয়াৰ প্ৰত্যুত্তৰত মেছিয়ে তেতিয়া কৈছিল যে নাম উল্লেখ নকৰাকৈ কাৰোবাৰ কথা আলোচনা কৰাটো নিন্দনীয় ৷এই বিবাদৰ পিছত সংবাদমাধ্যমত প্ৰকাশ পাইছিল যে অনাগত দিনত মেছিয়ে ক্লাবৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে ।

উল্লেখযোগ্য যে মেছি বিশ্বৰ আটাইতকৈ ধনী ফুটবল খেলুৱৈ। মেছিয়ে বিগত বৰ্ষত ৰোনাল্ডতকৈ ১০৮ কোটি টকা বেছি উপাৰ্জন কৰে। মেছিৰ উপাৰ্জন ১২০ মিলিয়ন পাউণ্ড অৰ্থাৎ ১১৮০ কোটি টকা ইয়াৰ বিপৰীতে ৰোনাল্ডোৰ উপাৰ্জন ১০৭২ কোটি টকা। আনহাতে বিগত বৰ্ষৰ ২ ছেপ্তেম্বৰত মেছিয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰৰ খিতাপ অৰ্জন কৰে । পেৰিছত হোৱা এক সমাৰোহত মেছিয়ে ষষ্ঠবাৰলৈ এই সন্মান লাভ কৰে।

Exit mobile version