ব্যৰ্থ গৃহ বিভাগঃ অসমক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা

Sarbananda Sonowal Contact Details

অসমত আইন শৃংখলা পৰিস্থিতি সুস্থিৰ নহয় । ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতা উদঙাই অসমক পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চলৰূপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ সেনা বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ ৰ অধীনত এই ঘোষণা কৰা হয় । উল্লেখযোগ্য যি উগ্ৰপন্থী সংগঠনৰ তৎপৰতা , আইন শৃংখলা ৰক্ষাত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকে মূল কাৰণ হিচাপে লৈ একোটা অঞ্চলক অশান্ত বুলি ঘোষণা কৰা হয় । অসমৰ পৰিস্থিতিত এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰ্যালোচনাত যথেষ্ট উদ্বেগজনক ৷

অসমৰ কে’বাটাও উগ্ৰপন্থী সংগঠনৰ সক্ৰিয়তা বৃদ্ধি,নতুন সংগঠন গঢ়াৰ তৎপৰতা, চুবুৰীয়া ৰাজ্যত সেনা বাহিনীৰ ওপৰত হোৱা আক্ৰমণত অসমৰ উগ্ৰপন্থী সংগঠন জড়িত থকা,ৰাজ্যত উগ্ৰপন্থী সংগঠনৰ ধন দাবী ধন সংগ্ৰহ অব্যাহত থকা, চুবুৰীয়া ৰাজ্যৰ উপৰি অসমৰ ভূমিত গঢ় লোৱা উগ্ৰপন্থীৰ মুক্ত বিচৰণ আদিৰ তথ্য গৃহ মন্ত্ৰণালয়ে বিভিন্ন চোৰাংচোৱাৰ জৰিয়তে লাভ কৰিছে ৷

ইয়াৰ উপৰি ৰাজ্যত ব্যাপক হাৰত অবৈধ অস্ত্ৰ মজুত থকাৰ উপৰি ব্যৱহাৰো চলি আহিছে । অসম চৰকাৰৰ তথ্য অনুসৰি যোৱা ছমাহত ৰাজ্যৰ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হয় ৷ এনে কাৰণতে ৰাজ্যখনৰ আইন শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক নহয় বুলি নিশ্চিত কৰি অশান্ত অঞ্চলৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়।

Exit mobile version