লোকসকলৰ অসুবিধাৰ কথা পাহৰি কেৱল ব্যৱসায়ৰ কথা ভাবিলে নহ’বঃকেন্দ্ৰলৈ ধমক উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত বলৱৎ কৰা তলাবন্ধৰ ফলত কেন্দ্ৰ চৰকাৰে জনগণক সকাহ দিয়াৰ উদ্দেশ্যে ঋণ পৰিশোধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ২৭ মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শাক্তিকাম দাসে চৰকাৰীভাৱে এই ঘোষণা কৰে।কিন্তু এই ঘোষণাৰ পিছতে কিছুমান বেচৰকাৰী বেংকে স্থগিত EMIৰ সুদৰ ওপৰত সুদ সংগ্ৰহ কৰা পৰলিক্ষিত হয়।ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ভুক্তভোগী।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয় যে লোকসকলৰ অসুবিধাৰ কথা পাহৰি আপোনালোকে কেৱল ব্যৱসায়ৰ কথা ভাবিলে নহ’ব ৷দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ ওপৰতো চকু দিয়ক। এই সম্পৰ্কীয় এটা গোচৰৰ শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ খণ্ড বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক উদ্দ্যেশি কয়, “দেশৰ মানুহৰ এই দুৰ্ভোগৰ সময়ত আপোনালোকে ব্যৱসায়িক লাভত চকু দিয়া বন্ধ কৰক।”

উল্লেখ্য যে, অহা এটা সপ্তাহৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক নিজৰ স্থিতি স্পষ্ট কৰি শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে।আনহাতে তলাবন্ধৰ কাৰণে আৰ বি আইয়ে লোকসকলক ই এম আই দিবলৈ ৩ মাহৰ সময় দিছিল ৷ইয়াৰ পিছত এই ই এম আইৰ ম্যাদ পুনৰ ৩১ আগষ্টলৈ বৃদ্ধি কৰি দিছিল।

Exit mobile version