চীনৰ ২৪ টা কোম্পানীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আমেৰিকাৰ

Mike Pompoe

আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাই ২৪ টা চীনৰ কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে । লগতে চীনে কোম্পানীৰ বিষয়ববীয়াসকলৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক প’ম্পিয়ই কৈছিল যে বিভাগীয় কৰ্তৃপক্ষই চীনৰ লোকসকলৰ ভীজাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব ।

আনহাতে এই দক্ষিণ চীন সাগৰত বিবাদিত আউটপ’ষ্ট নিৰ্মাণ কৰা সকলৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা হ’ব । আমেৰিকাৰ বৈদেশিক মন্ত্ৰী প’ম্পিয়’ই নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমৰ্থন কৰিছে ৷ এক অনুষ্ঠানত বৈদেশিক মন্ত্ৰী প’ম্পিয়’ই কৈছিল যে যদি দেশক সুৰক্ষিত কৰি ৰাখিব পাৰে, যদি নিজৰ স্বাধীনতা অটুট ৰাখিব পাৰে, তেন্তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শাসনলৈ অনাটো প্ৰয়োজন ।

পম্পিয়’ৰ মতে ড’নাল্ড ট্ৰাম্প এনে এজন ব্যক্তি যিয়েই চীনৰ কাৰণে উচিত সিদ্ধান্ত ল’ব পাৰে ৷ যেতিয়ালৈকে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বত কৰ’না ভাইৰাচ শেষ কৰিব নোৱাৰে তেতিয়ালৈকে ড’নাল্ড ট্ৰাম্পে শান্তি নিদিয়ে চীনক । লগতে প’ম্পিয়ই কয় যে ভাৰতৰ লগতে সমগ্ৰ বিশ্বত আৰ্থিক ক্ষেত্ৰখনৰ বৃহৎ ক্ষতিৰ কাৰণে একমাত্ৰ দায়ী চীন । গতিকে সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাই ন্যায় পাবই লাগিব ।

Exit mobile version