চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ তৎপৰ

WhatsApp Image 2020 08 27 at 7.23.56 PM

তিনিখনকৈ গৰু কঢ়িওৱা গাড়ী সহ ৬ টা ম’হ আৰু ১৭ টা গৰু জব্দ

আনন্দ মিশ্ৰ‌ই ধুবুৰী জিলা আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ধুবুৰী জিলা আৰক্ষীয়ে চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি পুৱতি নিশাও গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই গৰু কঢ়িওৱা তিনিখনকৈ পিক আপ ভান ৬ টা ম’হ আৰু ১৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ।

গোলকগঞ্জৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত‌ চলিল অভিযান । AS-17C/1434 নম্বৰৰ পিক আপ ভান এখনে অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা গৰু কঢ়িয়াই গৌৰীপুৰ অভিমুখে আহি থকাৰ এক গোপন তথ্য লাভ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷

উক্ত তথ্যৰ ভিত্তিত গোলকগঞ্জৰ ৰতিয়াদহ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলকগঞ্জ থানাৰ আৰক্ষীয়ে গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও গাড়ী খনৰ চালকে গাড়ীখন ৰখোৱাৰ পৰিৱৰ্তে তীব্ৰ বেগত পলায়ন কৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগীয়া হয় ।

প্ৰায় দহ কিলোমিটাৰ পথ অতিক্ৰম কৰি গৈ ৰেলৱে ক্ৰচিং অতিক্ৰম কৰি ভিতৰুৱা ঢেপঢেপী পথত সোমাবলৈ যাওঁতে গাড়ীখন ৰাজপথতে বাগৰি পৰে। গাড়ী খনৰ পৰা আৰক্ষীয়ে ২ টা ম’হ আৰু ৫ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় । অভিযানটোত চলকজন পলাই যাৱলে সক্ষম হয় যদিও আনোৱাৰ হক নামৰ হেন্ডিমেন জনক আটক কৰিবলৈ সক্ষম হয় ৷

আনহাতে আজি পূৱতি নিশা ৰতিয়াদহ বটতলা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS-17/8763 নম্বৰৰ এখন পিক আপ ভান সহ ৪ টাকৈ ম’হ জব্দ কৰিবলৈ সক্ষম হয় । অভিযানটোত আৰক্ষীয়ে গাড়ী খনৰ চালক আবু ছায়েদ সৰকাৰকো আটক কৰিবলৈ সক্ষম হয় ।

আনহাতে AS 25 CC/ 9909 নম্বৰৰ গাড়ী সহ ১২ টাকৈ গৰুৰ লগতে চালক মইউদ্দীন আলি আৰু আবু বক্কৰক আটক কৰে । ইফালে আন এখন গৰুভৰ্তি গাড়ীয়ে আৰক্ষীৰ বাহনক খুন্দিয়াই পলাই যাবলৈ সক্ষম হয়।

Exit mobile version