জিৰা ৰাইচে ৰাজ্যৰ অনলাইন বজাৰত ১০শতাংশ স্থান দখল কৰিছে

IMG 20200827 174926

ঔদ্যোগিক ক্ষেত্ৰত আন্তৰ্জাতিক ভাৱে ব্যাপক প্ৰতিষ্ঠা লাভ কৰা গ্ৰেন্ট থৰ্ণটনৰ দৰে কোম্পানীয়ে বৰ্তমান ভাৰতত কাম কৰি গৈছে আৰু শেহতীয়াকৈ শোণিতপুৰতো থলুৱা কৃষক আৰু কৃষি নিৰ্ভৰ উদ্যোগৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ উন্নত পেকেজিং আৰু বিক্ৰীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া থলুৱাৰ বাবে প্ৰস্তুত নীতিৰ আধাৰত ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ মৰ্মেই গ্ৰেন্ট থৰ্ণটনে প্ৰথমবাৰলৈ খোজ পেলাইছে শোণিতপুৰত ৷

উল্লেখযোগ্য যে, দেশত কৰ’নাৰ মহামাৰীৰ বাবে হোৱা পৰিস্থিতিৰ বাবে সকলো ক্ষেত্ৰতে নিৰাশাই ছানি ধৰা সময়ত একমাত্ৰ কৃষিক্ষেত্ৰক লৈয়ে সকলোৱে নতুন পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিছে ৷ বৰ্তমান কৃষিজাত সামগ্ৰীৰো অনলাইন বজাৰ আৰম্ভ হোৱাৰ সময়ত ৰাজ্যৰ কৃষক সকলক সংগঠিত কৰি এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে গ্ৰেণ্ট থৰ্ণটনৰ দৰে সংস্হা ৷

তেজপুৰত গ্ৰেন্ট থৰ্ণটনৰ সহযোগত গঠন হোৱা তেজপুৰ এগ্ৰ’ এণ্ড এলিড প্ৰচেছৰছ ইণ্ডাষ্ট্ৰি এচচিয়েছনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ স্হানীয় উত্তৰ অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ সন্মিলন কক্ষত আয়োজিত সাধাৰণ সভাখনত থলুৱা ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিপণী তথা পেকেজিং আদিৰ লগতে কৃষি ভিত্তিক উদ্যোগ সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশ আলোচনা কৰা হয় ৷ উল্লেখযোগ্য যে গ্ৰেণ্ড থৰ্ণটনৰ সহায়ত শোণিতপুৰত ৰাজ্যৰ ভিতৰতে প্ৰথম তেজপুৰ এগ্ৰ’ এণ্ড এলিড প্ৰচেছৰছ ইণ্ডাষ্ট্ৰি এচচিয়েছন গঠন কৰা হৈছে ৷

অমৃত মাধুৰী দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ডি আই চি চিৰ সুনীল কুমাৰ সুত, উত্তৰ অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপিত সম্পাদক দীপক কেজৰিৱাল, ৰাজীৱ জৈন, ব্যৱসায়ী মহাবিৰ শেঠীয়া আৰু যতীন্দ্ৰ শৰ্মাই অংশ লৈ এই বিষয়ে বক্তব্য আগবঢ়ায় ৷ এই সন্দৰ্ভত গ্ৰেণ্ট থৰ্ণটনৰ এগৰাকী টিম লিডাৰ আবিদুৰ ৰহমানে কয় যে অবিভক্ত শোণিতপুৰত চাউল, ফলমূল, শাক-পাচলি আৰু শুকান মাছ আৰু ৰাজ্যৰ বাহিৰৰ বজাৰ দখলৰ পূৰ্ণ সম্ভাৱনা আছে ৷

প্ৰয়োজনীয় কাৰিকৰী জ্ঞান, কৌশলৰ অভাৱ আৰু ৰাজ্যৰ অধিকাংশ কৃষকেই প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াটো তেওঁলোকৰ বাবেই লোকচানৰ কাৰণ হৈ পৰা বুলি কয় ৷ ৰাজ্যত ক্ষুদ্ৰ উদ্যোগী সকলো একেদৰেই পিছ পৰি থকাৰ কথা উল্লেখ কৰি ৰহমানে কয় যে বৰ্তমান ৰাজ্যত অনলাইন বিপনন বৃদ্ধি পাইছে ৷ কেৱল জিৰা চাউলৰ অনলাইন বিপননে ৰাজ্যৰ ১০শতাংশ ব্যৱসায় দখল কৰিবলৈ সক্ষম হোৱাৰ সময়ত ভৱিষ্যতে থলুৱা কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সময়ৰ স’তে খোজ মিলাব লাগিব বুলি উল্লেখ কৰি কয় যে থলুৱা কৃষক সকলৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন দিশ সমূহো চালি-জাৰি চোৱা হৈছে ৷

অনলাইন বিপননৰ বাবে কৃষক সকলে তেওঁলোকৰ সামগ্ৰী পেকেজিঙকে ধৰি গ্ৰাহকক আকৰ্ষণ কৰিব পৰা সকলো সামৰ্থ লাভ কৰিবলৈ সংগঠিত হ’ব লাগিব আৰু প্ৰয়োজনীয় কাৰিকৰী সুবিধা আদিৰ বাবে গ্ৰেন্ট থৰ্ণটনৰ জৰিয়তে সহযোগিতা আগবঢ়োৱা হ’ব ৷ বৰ্তমান তেজপুৰ এগ্ৰ এণ্ড এলিড প্ৰচেচৰ্ছ এচ’ছিয়েছনৰ জৰিয়তেই একাংশ কৃষক আৰু কৃষিভিত্তিক উদ্যোগী সংগঠিত হৈছে ৷

থলুৱা কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ লগতে থলুৱা খাদ্য সামগ্ৰীৰ বজাৰ বৃদ্ধিৰে গ্ৰাহকৰ মাজলৈ লৈ যোৱা তথা কৃষিভিত্তিক উদ্যোগ সমূহক আগবঢ়াই নিয়াৰ বাবে উদ্যোগ বিভাগৰ সহযোগত পাঁচ বছৰীয়া পৰিকল্পনাৰে কাম আৰম্ভ কৰা হৈছে ৷

Exit mobile version