অন্তিম বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবই লাগিব, ইয়াৰ অবিহনে শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

supreme court

বিশ্ববিদ্যালয় অনুদান আয়োগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত দিয়া আবেদন অনুসৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অন্তিমবৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ আজি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । নির্দেশ অনুসৰি কলেজসমূহে ছেপ্তেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত অন্তিম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব । পৰীক্ষাৰ অবিহনে শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব নোৱাৰিব ।

ADVERTISEMENT

যদিহে কৰ’না মহামাৰীৰ কাৰণে ৩০ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে বিশ্ববিদ্যালয় অনুদান আয়োগক আবেদন জনাই নতুন তাৰিখত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব । ৰাজ্য চৰকাৰেও পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ডিগ্ৰী  প্ৰদান কৰিব নোৱাৰিব । প্ৰত্যেক শিক্ষাৰ্থীয়েই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । ৰাজ্য চৰকাৰে পৰীক্ষাসমূহ পিছুৱাব পাৰিব কিন্তু বাতিল কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

উল্লেখ্য যে, এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ আদিত্য থাকৰেৰ য়ুৱা সেনাকে ধৰি বহু কেইটা সংগঠনে ক’ভিড-১৯ৰ আতংকৰ বাবে পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনাইছিল । শুক্ৰবাৰে ভিডিঅ’ কনফাৰেন্স যোগে ন্যায়াধীশ অশোক ভূষণ, সুভাষ ৰেড্ডী আৰু এমআৰ শ্বাহে ৰায় প্ৰদান কৰে যে, যদি ৰাজ্যসমূহে ২০ ছেপ্টেম্বৰ পর্যন্ত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে তেওঁলোকে ইউজিচিৰ সৈতে যোগাযোগ কৰিব পাৰে।

অন্যহাতে, শুকুৰবাৰে শুনানিত ইউজিচিৰ সপক্ষে ওকালতি কৰি ‘Solicitor General’ তুষাৰ মেহতাই কয় যে, এই সিদ্ধান্ত শিক্ষাৰ্থীৰ ভালৰ বাবে লোৱা হৈছিল, কাৰণ বিশ্ববিদ্যালয় সমূহে স্নাতকোত্তৰ শ্ৰেণীৰ কাৰণে নামভৰ্তি আৰম্ভ কৰিব লাগে।

Exit mobile version