উজলি উঠিছে জম্মু-কাশ্মীৰ

Screenshot 14 1

স্বাধীনতাৰ সাতটাকৈ দশকৰ পাছত অৱশেষত বিদ্যুৎ সংযোগ লাভ কৰিলে জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে ।সীমান্তৰ কুপৱাৰা জিলাৰ মাছিল ছেক্টৰৰ বাসিন্দাসকলে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কেইদিনমান পূৰ্বেহে বিদ্যুৎ সেৱা লাভ কৰে ।

সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাথঁনি শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া নিৰ্দেশৰ পাছতে অৱশেষত স্থায়ী বিদ্যুৎ লাইন স্থাপন কৰা হয় ভাৰত-পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা স্পৰ্শ কৰি থকা অঞ্চলটোত । স্বাধীনতাৰ ৭৩ বছৰ সম্পূৰ্ণ হ’লেও কেন্দ্ৰীয়শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখৰ বহু দূৰৱৰ্তী অঞ্চলত এতিয়াও বিদ্যুৎ সংযোগ হৈ উঠা নাই ।

কুপৱাৰাত স্বাধীনতা দিৱসৰ পূৰ্বে কেৰান ছেক্টৰত বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ কৰি তোলা হয় । কেৰান ছেক্টৰৰ পাছত বিদ্যুৎ সংযোগ কৰা হয় মাছিল ছেক্টৰত । ইতিপূৰ্বে কেৰান ছেক্টৰৰ দৰে মাছিল ছেক্টৰতো থকা ২০ খন গাঁৱত ডিজেল জেনেৰেটৰৰ সহায়ত বিদ্যুৎ সেৱা অব্যাহত ৰখাৰ চেষ্টা কৰা হৈছিল; কিন্তু এনে অস্থায়ী ব্যৱস্থাৰে অঞ্চলবাসীৰ বিদ্যুতৰ চাহিদা পূৰ্ণ কৰাটো সম্ভৱ হৈ উঠা নাছিল ।

শেহতীয়াকৈ সীমান্তৱৰ্তী অঞ্চলটোত বৈদ্যুতিক নীড স্থাপন কৰা হৈছে । অতি কম সময়ৰ ভিতৰতে সীমান্তৰ বাকীবিলাক গাঁৱতো বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ হৈ উঠিব । কুপৱাৰাৰ জিলা উপায়ুক্ত অঞ্চল গাৰ্গে জনোৱা অনুসৰি মাছিল ছেক্টৰত বিদ্যুৎ সংযোগ সম্পূৰ্ণ হৈ উঠাত ২৫হেজাৰৰো অধিক লোক উপকৃত হ’ব । ফলত ক্ৰমে উজলি উঠিবলৈ লৈছে জম্মু-কাশ্মীৰ।

Exit mobile version