পাঁচ হেজাৰ টেট শিক্ষকক স্থায়ী নিযুক্তি চৰকাৰৰ

WhatsApp Image 2020 08 28 at 3.45.42 PM

উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৫,৩১৯ জন শিক্ষক-কৰ্মচাৰীৰ শিক্ষয়ত্ৰীক শুকুৰবাৰে ৰাজ্যৰ শিক্ষা বিভাগে নিয়মীয়া পদত নিযুক্তি প্ৰদান কৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিযুক্তি পত্ৰ বিতৰণ কৰি ভাষণ প্ৰসংগত শিক্ষাৰ জৰিয়তেহে সমাজত থকা অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰিব লাগিব বুলি মন্তব্য কৰে ।

ADVERTISEMENT

একেদৰে এই অনুষ্ঠানৰ উদ্যোগতা তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ খালী হৈ থকা শিক্ষক পদ সমূহ পূৰণ কৰি বিদ্যালয়সমূহক এক নতুন গতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাইছে বুলি মন্তব্য কৰে। ২০১২লৈ শিক্ষা বিভাগত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি মন্ত্ৰীজনে ৰাজহুৱাকৈ প্ৰকাশ কৰি সেইসময়ত বিধায়ক, মন্ত্ৰী, আমোলাই নিযুক্তি প্ৰদান কৰিব পাৰিছিল বুলি উল্লেখ কৰি এতিয়া সেই দিনৰ পৰিৱৰ্তন হোৱা বুলি কয় ।

টেটৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলক ৰাজনীতি, নিৰ্বাচনৰ পৰা আঁতৰত থাকিবলৈ মন্ত্ৰী ড০ শৰ্মাই আহ্বান জনাই নিজৰ কৰ্ম কৰি সমাজৰ উঠি অহা প্ৰজন্মক শিক্ষিত কৰি তুলাৰ লক্ষ্যৰে সকলোকে দৃঢ় সংকল্প লবলৈ কয়।

Exit mobile version