আপোনাৰ যদি বাহন আছে পঢ়ক সবিশেষ

supreme court

বাহন মালিকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ৷ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি যদি বাহনৰ কোনো প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰ নাথাকে তেন্তে বাহনৰ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ বাতিল কৰিব পাৰে। লগতে ন্যায়ালয়ে পৰিবেশৰ প্ৰতি লক্ষ্য কৰি বাহনৰ গৰাকীসকলৰ ক্ষেত্ৰত বহুত নিষেধাজ্ঞা আৰু জৰিমনাৰ ব্যৱস্থা কৰিছে ।

উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰা আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে এই শুনানি দিয়ে। বিচাৰ পীঠে কয় যে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰ নাথাকিলে বাহনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ বাতিল কৰিব। লগতে এই ক্ষেত্ৰত বাহনৰ গৰাকীকো আইনী মেৰপাকত তদন্ত কৰা হ’ব পাৰে ।

Exit mobile version