কৰ’নাৰ তদন্তঃউহানলৈ নগ’লেই হুৰ বিশেষজ্ঞৰ দল

ae250689b95c4b058d435a9fde2ed937 18

চীনৰ উহানৰ পৰাই যে সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ বিয়পি পৰিছিল তাক লৈ আৰু কোনো দ্বিমত নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰকে ধৰি প্ৰায় সকলো দেশেই কৰ’না ভাইৰাছ বিশ্বত বিয়পাই দিয়াৰ বাবে চীনকে অভিযুক্ত কৰিছে ৷আনকি এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ হৈ কাম কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে ড’নাল্ড ট্ৰাম্পে ৷এই অভিযোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হুৱে এটা বিশেষজ্ঞৰ দল গঠন কৰি তদন্তৰ বাবে চীনলৈ প্ৰেৰণ কৰে।

কিন্তু লক্ষ্যণীয় কথা হ’ল বিশেষজ্ঞৰ দলটো কৰ’না ভাইৰাছৰ উৎসস্থল উহানলৈ নোযোৱাকৈ চীন ভ্ৰমণ সমাপ্ত কৰি উভতি আহে ৷তদন্ত সম্পূৰ্ণ নকৰাকৈ বিশেষজ্ঞৰ দলটোৱে জেনেভাস্থিত মুখ্য কাৰ্যালয়ত এক প্ৰতিবেদন দাখিল কৰি নিজৰ দায়িত্ব সম্পূৰ্ণ কৰে ।নিজকে অভিযোগমুক্ত কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ এনে অসম্পূৰ্ণ প্ৰতিবেদনক লৈ এতিয়া আলোড়নৰ সৃষ্টি হৈছে। ইয়াৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি বিভিন্ন মহলৰ পৰা মন্তব্য কৰিছে ৷

ফাইনেন্সিয়েল টাইমছত এই সম্পৰ্কীয় প্ৰকাশিত বাতৰিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই মন্তব্য কৰিছে যে সোঁশৰীৰে হুবেই প্ৰদেশৰ ৰাজধানী তথা কৰ’না ভাইৰাছৰ উৎসস্থল উহানলৈ তেওঁলোক নোযোৱাটো সত্য। অৱশ্যে তদন্তৰ স্বাৰ্থত ভিডিঅ’ কলৰ মাধ্যমৰে উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ শীৰ্ষ বিজ্ঞানীসকলৰে আলোচনা কৰা হৈছে ৷উল্লেখযোগ্য যে উহান ইনষ্টিটিউটত অৱ ভাইৰ’লজি নামৰ এই প্ৰতিষ্ঠানৰ পৰাই বিশ্বত কৰ’না ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

কিন্তু ইয়াৰ মাজতে উত্থাপন হোৱা অভিযোগ অনুসৰি তদন্তকাৰী বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পূৰ্বেই বেইজিং প্ৰশাসনে নিজৰ সপক্ষে এক অনুকূল পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷স্বাভাৱিকতে এনে প্ৰয়াসৰ পাছত উহানলৈ নোযোৱাকৈ তদন্তকাৰী বিশেষজ্ঞৰ দলটোৱে চীন এৰি উভতি আহে।

যোৱা জুলাইতে বিশ্ব স্বাস্থ্য সংস্থাৰ দুজনীয়া তদন্তকাৰী দলটোৰ দ্বাৰা সম্পন্ন কাৰ্যৰ পৰিণতি কি হ’ব পাৰে সকলোৰে বাবে ই বোধগম্য ৷সংক্ৰমণ বিয়পোৱাৰ যি অৱশিষ্ট প্ৰমাণ আছিল বিশেষজ্ঞৰ দলটোৰ ভ্ৰমণৰ পাছত সেয়াও নষ্ট কৰা হ’ল বুলি এতিয়া অভিযোগ উঠিছে। লগতে তদন্তকাৰী দলে উহানলৈ নোযোৱাকৈ তদন্ত সম্পূৰ্ণ কৰাত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰপেক্ষতাক লৈও এতিয়া প্ৰশ্নৰ উদ্ভৱ হৈছে ৷

Exit mobile version