প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শনেৰে ছাটাৰগাঁৱত বন্যহস্তী-মানুহৰ সহাৱস্থান

748e7e82 be9a 4c2a b3aa 69751ede6f22

প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শনেৰে ছাটাৰগাঁৱত বন্যহস্তী-মানুহৰ সহাৱস্থান। মহানগৰী গুৱাহাটীৰ দাঁতিকাষৰীয়া দীপৰ বিলৰ সমীপৱৰ্তী পাহাৰীয়া ছাটাৰগাঁৱত বাসিন্দা সকলে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কেইবাখনো পাহাৰৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতত বৰষুণৰ পানী সংৰক্ষণ কৰি গাঁওখনৰ কেইবাজনো উদ্যমী যুৱকে সামাজিক মীন পালন কৰাৰ লগতে ৰাণী সংৰক্ষিত বনাঞ্চলৰ হাতীকে ধৰি অন্যান্য জীৱ জন্তু খোৱাপানীৰ ব্যৱস্থা কৰিছে।

মীনপালনৰ জৰিয়তে নিবনুৱা একাংশ যুৱকে আৰ্থিক স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত ৰংমন টুৰিজিম ছ’চাইটিৰ কাৰ্যকৰ্তা প্ৰমোদ কলিতাই কয়, “বৰ্তমান সময়ত বনাঞ্চলৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পোৱাত হাতী-মানুহৰ সংঘাতে এক সমস্যা হিচাপে দেখা দিছে। হাতী-মানুহৰ সংঘাতৰ ফলত বহু লোকৰ প্রানহানি হোৱাৰ লগতে সা-সম্পত্তিও ধংশ হৈছে। কিন্তু ছাটাৰগাঁৱত ইয়াৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। বছৰ-বছৰ ধৰি ছাটাৰগাঁৱৰ বাসিন্দাসকলে বন্যহস্তীৰ লগত সহাৱস্থান কৰি আছে।

আজিলৈ এই গাঁওখনত বন্যহস্তী-মানুহৰ কোনো সংঘাত হোৱা নাই।” উল্লেখ্য যে ৰংমন টুৰিজিম ছচাইটিয়ে ২০১৭ ৰ পৰা উক্ত গাঁওখনক সামাজিক-অৰ্থনৈতিকভাৱে আদৰ্শ গাঁওৰূপে গঢ়ি তুলিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত হৈছে। ৰংমন টুৰিজিম ছচাইটিয়ে আৰ্ট অৱ লিভিঙৰ সহযোগত গাঁওখনৰ ৬২ টা পৰিয়ালক সৌৰশক্তিচালিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছে। লগতে থিয়পানীৰ জলপ্ৰপাত, পাহাৰৰ মাজত থকা হ্ৰদকে ধৰি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চলটোক পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

গাঁওখনৰ লোকসকলৰ আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ পশুপালন, কাটিং-টেইল’ৰিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলিও কয় কলিতাই।উল্লেখ্য যে, পূৰ্বতে যাতায়তৰ অসুবিধাৰ বাবে গাঁওখন সকলো ক্ষেত্ৰতে পিছপৰা হৈ আছিল বুলি মন্তব্য কৰে গাঁওখনৰ নৱজ্যোতি সংঘৰ সভাপতি অজয় ৰাভাই। ২০১৭-১৮ ত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত গাঁওখনলৈ যোৱা প্ৰায় ছয় কিলোমিটাৰ পাহাৰীয়া পথ পকীকৰণ কৰা হয়।

ইয়াৰ পিছতে গাঁওখনলৈ পৰ্যটক, গৱেষণাৰ বাবে শিক্ষক,ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে বুলিও কয় সভাপতি ৰাভাই। কটন বিশ্ববিদ্যালয় আৰু ভাৰত চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি বিভাগৰ অধীনত গুৱাহাটীৰ বৰগাঁওস্থিত ইনষ্টিটিউট অৱ এডভাঞ্চ চায়েঞ্চ এণ্ড টেকন’লজি (আই এ এছ এছ টি)য়ে গাঁওখনত বিভিন্ন গৱেষণামূলক কাম-কাজ আৰম্ভ কৰিছে। উল্লেখ্য যে, সম্প্ৰতি গাঁওখনৰ অধিকাংশ পৰিয়ালে গো-পালন, গাহৰি পালন আৰু মহ পালনেৰে জীৱিকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। জৈৱিক পদ্ধতিৰে কৃষি কাৰ্যৰ জৰিয়তেও অঞ্চলবাসীয়ে স্বাৱলম্বীতাৰ পথ লাভ কৰিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছাটাৰগাঁৱক ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰাৰ থল আছে বুলিও সচেতন মহলে মত প্ৰকাশ কৰে।

Exit mobile version