হায়দৰাবাদত নিৰ্মাণ হ’ব ১২০ কিলোগ্ৰাম ওজনৰ সোণৰ মূৰ্তি

StatueofEquality

এহেজাৰ কোটি টকাৰ ব্যয়ৰে এইবাৰ দেশত নিৰ্মাণ কৰা হ’ব এগৰাকী বৈষ্ণৱ গুৰুৰ মন্দিৰ ।বৈষ্ণৱ গুৰুগৰাকীৰ এটি সোণৰ মূৰ্তি এই মন্দিৰটোৰ ভিতৰত স্থাপন কৰা হ’ব ।বৈষ্ণৱ গুৰুগৰাকীৰ নাম হৈছে স্বামী ভগৱৎ ৰামানুজাচাৰ্য।হায়দৰাবাদৰ পৰা ৪০ কিলোমিটাৰ আঁতৰৰ ৰামনগৰত।

সুবিশাল এই মন্দিৰটো স্বামী ৰামানুজাচাৰ্যৰ এহেজাৰ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।মন্দিৰৰ গৰ্ভ গৃহত স্থাপন কৰিবলগীয়া স্বামী ৰামানুজাচাৰ্যৰ সোণৰ ।মূৰ্তিটোত ১২০ কিলোগ্ৰাম সোণ ব্যৱহাৰ কৰা হ’ব ।ইতিমধ্যে স্বামীগৰাকীৰ এটি ২১৬ ফুট ওখ ‘পঞ্চ লোহা’ৰ মূৰ্তিৰ নিৰ্মানকাৰ্য সম্পূৰ্ণ হৈ উঠিছে।

এই সুউচ্চ মূৰ্তিটোৰ নাম দিয়া হৈছে ‘ষ্টেচু অৱ ইকুৱেলিটি’।এই মূৰ্তিটোৱে হ’ব স্বামী ৰামানুজাচাৰ্যৰ সবাতোকৈ ডাঙৰ মূৰ্তি ।চীনৰ এটি প্ৰতিষ্ঠানে এই মূৰ্তিটোৰ নিৰ্মাণ কাৰ্যত সহায় আগবঢ়াইছে।একমাত্ৰ মূৰ্তিটো নিৰ্মাণ কৰোতেই চাৰিশ কোটি টকা ব্যয় হৈছে।হায়দৰাবাদৰ ৰামনগৰত প্ৰায় ৩৪ একৰ মাটিত মন্দিৰটোৰ নিৰ্মান কৰিবলৈ লোৱা হৈছে।

‘ষ্টেচু অৱ ইকুৱেলিটি’ মূৰ্তি আৰু মন্দিৰে এই একে স্থানতে মূৰ তুলি থিয় হৈ থাকিব ।সকলো মিলাই ব্যয় হ’ব এহেজাৰ কোটি টকা ।স্বামী ৰামানুজাচাৰ্যৰ সুউচ্চ মূৰ্তি ,সুবিশাল মন্দিৰ তথা স্বৰ্ণ মূৰ্তিটোৱে ভক্ত আৰু দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

Exit mobile version