এলএচিত পাকিস্তানৰ গুলীয়াগুলীত এজন ভাৰতীয় সেনা শ্বহীদ

india pak border f pti 880019 1598784723

এলঅ’চিত পাকিস্তানৰ লগত হোৱা সংঘৰ্ষত ভাৰতীয় সেনা নায়াব চুৱেদাৰ শ্বহীদ হয় ৷ ভাৰতীয় সেনাৰ পি আৰ অ’ লেফটেনেণ্ট কৰ্ণেল দেবেন্দ্ৰ আনন্দই কয় যে পাকিস্তানৰ গুলীয়াগুলীত নায়ৱ চুবেদাৰ ৰাজবিন্দৰ সিং গুৰুতৰভাৱে আহত হয় । আৰু শেষত নায়ৱে শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে এলঅ’চি ভাৰতীয় সেনা শ্বহীদ হোৱা এইয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পাকিস্তানৰ ফালৰ পৰা কৰা গুলীয়াগুলীত এজন জোৱান শ্বহীদ হয় ।

ইপিনে পাকিস্তানে এতিয়ালৈকে চলিত বৰ্ষত ২৭ বাৰ চীজফায়াৰ বায়’লেশ্যন কৰে ৷ বিগত বৰ্ষত ইয়াৰ সংখ্যা আছিল ৩১৬৮,২০১৮ ত ১৬২৯ আৰু চলিত বৰ্ষত ২১ জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ৯৪ জন লোক আহত হয় ।

উল্লেখযোগ্য যে ১৭ আৰু ১৮ আগষ্টত বাৰামূলাৰ কৰীৰী অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত ৩ জন সন্ত্ৰাসবাদীৰ নিহত হয়। এই সংঘৰ্ষত লস্কৰৰ দুজন সন্ত্ৰাসবাদী সজ্জাদ ওৰফে হাইদৰ আৰু ওস্মান জৰিত আছিল।

১৯ আগষ্টত দক্ষিণ কাশ্মীৰত চোপিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদীৰ নিহত হৈছিল ।

২৮ আগষ্টত চোপিয়াৰ কিলুৰা অঞ্চলত সেনাই চাৰিজন সন্ত্ৰাসবাদীক নিহত কৰে। লগতে এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷সেনাই সন্ত্ৰাসবাদীৰ পৰা দুটা একে ৪৭ আৰু তিনিটা পিষ্টল উদ্ধাৰ কৰে।

Exit mobile version